মুছলমান যুৱক য়াকুবে হঠাতে পাহৰি পেলাইছিল জাতি-ধৰ্মৰ কথা৷ তেওঁ মাত্ৰ হৈ পৰিছিল মানৱতাৰ প্ৰহৰী৷
মেডিকেল কলেজৰ ICU জুই লগাৰ সময়ত লেলিহান অগ্নিশিখা দেখা নাছিল য়াকুব মঞ্চুৰীয়ে৷ দেখিছিল মাত্ৰ জুইৰ উত্তাপত ধৰফৰাই থকা শিশুক৷
হঠাতে ১০০টা হাতীৰ সমানেই বল অদৃষ্টৰ কৃপাত অৰ্জন কৰিছিল য়াকুবে৷ যমজ কন্যাক মহাৰাণী লক্ষ্মীবাই মেডিকেল কলেজৰ আই চি ইউত ভৰ্তি কৰি লবীত অপেক্ষা কৰি থকা য়াকুবে কিলাকুৰিৰে খুন্দিয়াই ভাঙি পেলাইছিল বন্ধ কক্ষৰ ৰুদ্ধ দুৱাৰ৷
ধোৱাময় হৈ পৰা আই চি ইউত সোমাই তেওঁ ৰৈ থাকিব পৰা নাছিল৷ জুয়ে য়াকুবক খেদি ফুৰিছিল, কিন্তু তাৰ মাজতে বিছনাত কান্দি থকা শিশুক তেওঁ কোলাত তুলি লৈছিল৷ আলফুলে দাঙি লৈ প্ৰত্যেকটো পানীকেচুৱাক তেওঁ উদ্ধাৰকাৰীৰ হাতত চমজাই দিছিল৷ খিৰিকী ভাঙি সোমাই তেওঁ জুইৰ মাজৰ পৰা উঠাই আনিছিল দেৱশিশুক৷
সেই সময়ত জাতি-ধৰ্মৰ কথা এবাৰো মনত পৰা নাছিল য়াকুবৰ৷ তেওঁ মাত্ৰ ভাবিছিল, প্ৰতিটো শিশুৱেই এপাহ ফুল, সৰগৰ বাগিচাত ফুলি থকা পাৰিজাত৷ সেই সুশোভিত পুষ্পৰ সুৰক্ষাৰ সময়ত নিজৰ কথা এবাৰো নাভাবিলে য়াকুবে৷ উত্তৰ প্ৰদেশৰ হামিৰপুৰৰ যুৱকজনো কিছুদিন পূৰ্বে যমজ কন্যাৰ পিতৃ হৈছিল৷
কিন্তু অসুস্থ সন্তানক হস্পিতেলত ভৰ্তি কৰি পত্নী নাজমাৰ সৈতে আই চি ইউৰ বাহিৰতে বাহৰ পাতি আছিল য়াকুবে৷ পিছে ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ দৰে যুঁজি আন অভিভাৱকৰ বুকু ভৰাই ৰখা য়াকুবৰ বীৰগাঁথা শুনিবলৈ নাপালে তেওঁৰ যমজ কন্যাই৷ লেলিহান শিখাই আগতেই আৱৰি ধৰিলে তেওঁৰ কন্যাক৷ আনৰ সন্তানক তেওঁ ঠিকেই উদ্ধাৰ কৰিলে, কিন্তু বুকুৰ আপোন জীয়ৰীক জুইৰ মাজৰ পৰা উলিয়াবলৈ সক্ষম নহ’ল য়াকুব৷