খোজ কাঢ়িব নালাগে আৰু

খোজ কাঢ়িব নালাগেই, মানুহৰ ভিৰে ঠেলি লৈ যায়৷ কিন্তু মোবাইলৰ নেটৱৰ্কো নোহোৱা হৈ যায়৷ লাখ লাখ মানুহৰ সমাগমৰ মাজত এইদৰেই চলি আছে নলবাৰীৰ ৰাস৷ সকলোবোৰ ঠিকেই আছিল৷
কিন্তু নামনি অসমৰ মহাপৰ্ব নলবাৰীৰ ৰাসত এটা কথাহে হৈ পৰিছে আমোদৰ বিষয়৷ সেয়া হৈছে বাৰম্বাৰ কৰা এনাউন্স৷
মানুহৰ সাগৰৰ মাজত ৰাস চাবলৈ যোৱা দৰ্শক হেৰাইছে৷ গতিকে লগতে যোৱাবোৰ শৰণাপন্ন হৈছে কমিটীৰ৷ তেওঁলোকে লগৰবোৰক বিচাৰি এটা এনাউন্স কৰি দিবলৈ কমিটীক অনুৰোধ কৰিছে৷
সেয়ে কমিটীৰ মানুহে গুৰুগম্ভীৰ সুৰেৰে ঘোষণা কৰিছে- কৈঠালকুছিৰ জগদীশ ডেকা, আপোনাক মাধৱ তালুকদাৰে বিচাৰি আছে৷ শীঘ্ৰে আমাৰ কাৰ্যালয়ৰ কাষত লগ কৰক৷
অথবা ঘগ্ৰাপাৰাৰ দেৱেন বৰ্মনকো বিচাৰি কৰিছে এনাউন্স৷ অৱশ্যে বাৰম্বাৰ ঘোষণায়ে অতিষ্ঠ কৰিব পৰা নাই ৰাসৰ দৰ্শকক৷
নলবাৰীৰ ৰাস এতিয়া কেৱল নলবৰীয়াৰ হৈ থকা নাই৷ পুতলা চাবলৈ ভিৰ কৰিছেগৈ অসমৰ ভিন্নপ্ৰান্তৰ ৰাইজে৷ সকলো সাক্ষী হৈছে গৌৰৱময় ঐতিহ্যৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email