পিতৃত্বৰ কথা ঘোষণা কৰিলে ৰোহিত শৰ্মাই আকৌ এবাৰ দেউতাক হোৱাৰ খবৰ সকলোকে দিলে হিটমেনেৰোহিতৰ পত্নী ৰীতিকা ছজদেই জন্ম দিলে পুত্ৰ সন্তান৷ কন্যাৰ পিছত পুত্ৰৰো দেউতাক হৈ ৰোহিত৷ গতিকে উলাহৰ মাদলী হৈ সকলোকে খবৰ দিছে ৰোহিতে কিন্তু এইখিনিতে প্ৰশ্ন হৈছে ৰোহিতৰ দেশৰ প্ৰতি থকা দায়বদ্ধতাৰ৷ পত্নীক সময় দিবলৈ ইতিমধ্যে ৰোহিতে টীম ইণ্ডিয়াৰ পৰা ছুটী লৈছে পাৰ্থ টেষ্টতো নেখেলাৰ ঘোষণা কৰিছে৷ কিন্তু তেওঁৰ পূৰ্বসুৰী এম এছ ধোনি এনে নাছিল৷ দেশৰ হৈ খেলি থকাৰ সময়তহে কন্যা জীৱাৰ জন্মৰ খবৰ পাইছিল ধোনিয়ে৷ ৰাষ্ট্ৰীয় কৰ্তব্য পালন কৰিহে নৱজাতক জীয়ৰীক ধোনিয়ে চাবলৈ গৈছিল৷ পিছে বিৰাট কোহলিয়ে দেশতকৈ আগস্থান দিছিল পৰিয়ালক৷ তেওঁ গুৰুত্বপূৰ্ণ মেচ এৰি পত্নীৰ কাষত আছিলগৈ৷ গতিকে তেওঁলোকৰ জাতীয় দলৰ প্ৰতি নিষ্ঠাক লৈ প্ৰশ্নৰ উদয় হৈছে৷ দেশৰ পাৰ্তি ৰোহিত অথবা বিৰাটৰ অটল আনুগত্য নাই নেকি বুলিও প্ৰশ্ন কৰিছে বহুতে৷ বৰ্তমান সৌৰভ গাংগুলীয়েও পাৰ্থ টেষ্টত খেলিবলৈ আহ্বান জনাইছে ৰোহিতক