এয়া কেনে ৰাসলীলা!

ৰাস চাবলৈ যোৱা পৰ্যটকে পকেটত কেবাহাজাৰো টকা লৈ যোৱাই ভাল৷ অন্যথা কিন্তু মহাবিপদত পৰিব৷
সাধাৰণ মাজুলীয়ালৰ অতিথিপৰায়ণ দস্তুৰৰ বিপৰীতে ল’জ অথবা হোমষ্টে’ৰ নামত এচামে মাজুলীৰ বদনাম কৰিছে৷ আমি সকলোৱে বুলি নকওঁ, কিন্তু কেবাখনো ঠাইত চলা বেপাৰৰ কথা শুনিলেই আপোনাৰ চকু কঁপালত উঠিব৷
নিশা দূৰণিবটীয়া অতিথিক নিৰ্ধাৰিত মূল্যতে এই হোমষ্টে’ৰ মালিকে বিছনা দিব৷ কিন্তু পুৱা খালী কৰিবৰ সময়ত আপুনি দিব লাগিব চাৰিগুণ বেছি টকা৷
এখন বিল তৈয়াৰ কৰি মাজুলীৰ হোমষ্টে’ৰ মালিকে আপোনাৰ পৰা অত্যধিক ধন আদায় কৰিবই৷ তেওঁলোকে ফে’চবুকৰ জৰিয়তে প্ৰধানতঃ প্ৰচাৰ চলাই গ্ৰাহক গোটাইছে৷ কিন্তু মাজুলীত উপস্থিত হোৱাৰ পিছত গ্ৰাহকক লুট কৰিছে৷
বহুতে আকৌ ঘৰৰ ৰূম এটাতে হোমষ্টে’ খুলি দিছে৷ কিন্তু আলহীক লেট্ৰিনৰো ব্যৱস্থা কৰি দিব পৰা নাই৷ বিহৰ ফুৰিবলৈ নদীৰ কাষলৈ পঠিয়াইছে গ্ৰাহকক৷
গতিকে আগতীয়া ব্যৱস্থা অবিহনে মাজুলীলৈ নাহিব৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email