ভৱেশ কলিতাৰ কি হ’বগৈ বাৰু!

ইমান চেলেপু সভাপতি আগতে প্ৰদেশ বিজেপিত নাছিলেই৷ বৰ্তমানৰ সভাপতি ভৱেশ কলিতা যি দৰে হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে, সেইদৰে কোনো লঘু হোৱা নাছিল৷ তাহানিৰ ইন্দ্ৰমণি বৰাৰ পৰা সৰ্বানন্দ সোণোৱাললৈ সকলোৰে আছিল মৰ্যাদা৷
কিন্তু ভৱেশ কলিতা বৰ্তমান বহুৱা হৈ পৰিছে৷ বাজপেয়ী ভৱনতো সন্মান নোহোৱা হৈছে ভৱেশ কলিতাৰ৷
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে পুৰণি সম্পৰ্কৰ বাবে তেওঁ প্ৰদেশ বিজেপিৰ সভাপতি পদ লাভ কৰিছিল৷ কিন্তু দল কেনেকৈ চলি আছে তাৰ উমানেই নোপোৱাৰ দৰে হৈছে ভৱেশ কলিতাই৷
জোক এৰুৱাই গো মাতৃক পূজা কৰা ভৱেশ কলিতাৰ বাজপেয়ী ভৱনতো সন্মান নাই৷ সভাপতিৰ চকীখনত বহাৰ বাদে তেওঁৰ অস্তিত্বই নাই৷
উপ-নিৰ্বাচনৰ প্ৰচাৰতো ৰাজ্যিক সভাপতিয়ে একো কৰিব নোৱাৰিলে৷ নিয়মমাফিক কেইখনমান মিটিঙত দিলে ভাষণ৷
এইবাৰ তেওঁ ফুটবল খেলা উদ্বোধনত ব্যস্ত হৈছে৷ খেলৰ আৰম্ভণিতে বলত কিক মাৰি হাঁহিয়াতৰ পাত্ৰ হৈছে ভৱেশ কলিতা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email