কিয় গৌৰৱ গগৈয়ে নোৱাৰিলে?

ইগ’ বেটেলত জিকিবলৈ গৈ হাতৰ কুঠাৰ ভৰিত মাৰিলে গৌৰৱ গগৈয়ে৷ নিজৰ ক্ষমতা প্ৰদৰ্শন কৰিবলৈ গৈ গৌৰৱে ৰাজনৈতিক জীৱনৰে ক্ষতি কৰি পেলালে৷ তেওঁ গমেই নাপালে ইতিমধ্যে হোৱা ক্ষতিৰ কথা৷
অসমৰ ৫টা সমষ্টিত উপ-নিৰ্বাচন হোৱাৰ সময়ত ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত হৈছে বিধানসভা নিৰ্বাচন৷ এই দুয়োখনতে কংগ্ৰেছ শক্তিশালী প্ৰতিদ্বন্দ্বী৷
সেইসূত্ৰে দুয়োখন ৰাজ্যতে কংগ্ৰেছে প্ৰচাৰ চলাইছে৷ স্বাভাৱিকতে সৰ্বভাৰতীয় পৰিচয় লাভ কৰিবলৈ গৌৰৱ গগৈয়ে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত প্ৰচাৰ চলোৱাটো দৰকাৰী আছিল৷
লোকসভাৰ উপ-দলপতি হিচাপে এই সুযোগ গৌৰৱক দলেও দিছিল৷ কিন্তু গৌৰৱ ক’লৈয়ো নগ’ল৷ ঘৰগোনা হৈ থাকিল গৌৰৱ গগৈ৷
তেওঁ নিজৰ জেদ পূৰণ কৰিবলৈ বিহালীতে সোমাই থাকিল৷ আনকি ৰকিবুলৰ পুতেকক জিকাবলৈ চামগুৰিতো বিশেষ চেষ্টা গৌৰৱ গগৈয়ে নকৰিলে৷ যাৰ বাবে ৰকিবুলেও বেয়া পাইছে গৌৰৱক৷
জেদৰ বাবে গৌৰৱে নিজৰ ৰাজনৈতিক জীৱনৰ সাংঘাতিক ক্ষতি কৰি দিলে৷ কিন্তু অসম এৰি ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত নিজৰ শক্তি প্ৰমাণ কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email