ৰঞ্জন গগৈতকৈও এখোপ চ’ৰাহে ওলাল ডি ৱাই চন্দ্ৰচূড়
মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰা যশৱন্ত ধনঞ্জয় চন্দ্ৰচূড় বৰ্তমান আজৰি হৈছে৷ কিন্তু আকৌ চৰকাৰী দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে চন্দ্ৰচূড়৷
মাষ্টাৰ অৱ ৰ’ষ্টাৰৰ দায়িত্ব পালন কৰা চন্দ্ৰচূড়ে শীঘ্ৰে লাভ কৰিব পাৰে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ দায়িত্ব৷
মুখ্য ন্যায়াধীশ হিচাপে চৰকাৰৰ হকে পক্ষপাতিত্ব কৰা বুলি বহুতে অভিযুক্ত কৰা চন্দ্ৰচূড় আছিল ৰাম মন্দিৰৰ ৰায়দান কৰা অন্যতম বিচাৰক৷ তেতিয়া খণ্ড বিচাৰপীঠত আছিল ৫ গৰাকী ন্যায়াধীশ৷ তাৰ ৪ জনে ইতিমধ্যে অৱসৰৰ পিছতে চৰকাৰী পদবী লাভ কৰিছে৷
সেইসময়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়েই হৈ আছে ৰাজ্যসভাৰ মনোনীত সদস্য৷ গতিকে চন্দ্ৰচূড়ো চৰকাৰী পদত অধিষ্ঠিত হোৱাটো অনিবাৰ্য হৈ পৰিছে৷
খবৰ অনুসৰি তেওঁ শীঘ্ৰে লাভ কৰিব ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ অধ্যক্ষ পদ৷ এই পদবী গ্ৰহণ কৰিবলৈ ডি ৱাই চন্দ্ৰচূড়ো মান্তি হৈছে৷
কিন্তু তেওঁক ৰাজ্যপাল পতাৰো সম্ভাৱনা নথকা নহয়৷