নৰেন্দ্ৰ মোদী বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ পিছতে দেশজুৰি চলিছিল গুজৰাট মডেলৰ চৰ্চা৷ কিন্তু আশাৰ দৰে দেশত গুজৰাট মডেল কাৰ্যকৰী নহ’ল৷ পিছে এইবাৰ অসমত আৰম্ভ হ’ল উত্তৰ প্ৰদেশ মডেল৷ যাক সংক্ষেপে ক’ব পাৰি UP MODEL বুলি৷ নিৰ্বাচনৰ পূৰ্বে চামগুৰিত যি ধৰ দৰ মাৰ মাৰ পৰিস্থিতি হ’ল সেয়া অসমত আগতে কেতিয়াও হোৱা নাছিল৷ কিন্তু এইবাৰ হ’ল৷ সেয়াই হৈছে অসমৰ নতুন UP MODEL৷ একেদৰে বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ মালিকানাধীন হোটেল ৰয়েল পেলেচত নিৰ্বাচন আয়োগৰ যি তালাচী চলিল তেনে ঘটনাৰ সৈতে অসমৰ ভোটাৰৰ আগতে চিনাকি নাছিল৷ কিন্তু এইবাৰ ৰাইঝে দেখিলে তেনে পৰিস্থিতি৷ অৰ্থাৎ অসমত UP MODEL পূৰামাত্ৰাই কাৰ্যকৰী হৈ গ’ল৷ কিছুদিনৰ পিছত হয়তো বিহাৰ-উত্তৰ প্ৰদেশৰ দৰে সৰ্বত্ৰ আৰম্ভ হ’ব দলিত অথবা জাত-পাতৰ ৰাজনীতি৷
চামগুৰি-বিহালী-ছিদলী-ধলাই আৰু বঙাইগাঁৱৰ ডেৰবছৰীয়া বিধায়কৰ নিৰ্বাচনে অসমৰ ৰাজনীতিৰ স্বাভাৱিকতে একো ক্ষতি কৰিব নোৱাৰে৷ ১০ লাখ ভোটত ধুবুৰীত জিকি সৰু চামগুৰিত হাৰিলেও ৰকিবুল হুছেইনৰ একো ক্ষতি নহ’ব পাৰে, কিন্তু তেওঁলোকেই অসমলৈ এইবাৰ আনিলে UP MODELৰ ৰাজনীতি৷ গুজৰাট মডেল নাহিলেও অসমত UP MODEL হিট হৈছে৷ একাংশ ৰাইজো মাংস আৰু মদৰ ৰাজনীতিত হৈ উঠিছে পাৰ্গত৷
গতিকে ৰাইজ এতিয়া কল্পনা কৰি লওক ২০২৬ৰ নিৰ্বাচনৰ কথা৷ কি হ’ব পাৰে ভাবি লওক৷ অৰউণোদয় অথবা হিতাধিকাৰীৰ ৰাজনীতি কিমান ভয়ংকৰ হ’ব পাৰে এতিয়া কল্পনা কৰক৷
খবৰ অনুসৰি বিক্ষিপ্ত ঘটনাৰ পিছতো অৱশ্যে চামগুৰিত শান্তিপূৰ্ণভাৱেই নিৰ্বাচন সম্পন্ হৈছে৷ একেদৰে আনসমহ সমষ্টিতো হৈছে সৰহীয়া ভোটিং৷ অসমত এইবাৰ বঙাইগাঁৱত যি হ’ল সেয়া আঘতে কেতিয়াও হোৱা নাছিল৷ IPS প্ৰাৰ্থীয়ে ফণীভূষণ চৌধুৰীক ভয় খুৱাই দিলে৷
একেদৰে ছিদলীও UPPLৰ বাবে সহজ হৈ নাথাকিল৷ ২০ হাজাৰ ভোট যদি BPFৰ সলনি কংগ্ৰেছে পাই তেন্তে ছিদলীত খেলা ওলটা হৈ যোৱাৰো সম্ভাৱনা আছে৷
অৱশ্যে তাৰ তুলনাত বিজেপিৰ বাবে সহজ হৈ আছে ধলাই৷
কিন্তু বিহালীত সহজ ভাষাতো হিলি গৈছে বিজেপি৷ দিগন্ত ঘাটোৱাৰে তাহানিৰ পৰাই বিজেপিৰ হৈ বিস্বনাথ সমষ্টিত নিৰ্বাচন খেলিছিল৷ এইবাৰহে তেওঁ প্ৰকৃত প্ৰতিদ্বন্দ্বিতা কৰিছে৷ কিন্তু জয়ন্ত বৰা ধূমকেতুৰ দৰে আৱিৰ্ভাব হৈ পানী খুৱাই দিছে বিজেপিক৷
আনহাতে এইবাৰৰ উপ-নিৰ্বাচনৰ লক্ষণীয় কথাটো হৈছে নকল প্ৰাৰ্থী৷ দুটা সমষ্টিত আছে নকল প্ৰাৰ্থী৷ ফণীভূষণে বঙাইগাঁৱত নিজৰ সনি খেলাই পত্নীক৷ চামগুৰিত ৰকিবুলে টিকট দিছে পুত্ৰক৷ গতিকে নিৰ্বাচন তেওঁলোকৰ বাবে হৈছে সন্মান ৰক্ষাৰ প্ৰশ্ন৷