ওখ-ডাঙৰ ৰকিবুলক হিলাই দিলে চুটি-চাপৰ দীপ্লুৰঞ্জনে অতদিনে চামগুৰিত ৰাজত্ব কৰি থকা ৰকিবুলে এইবাৰহে বুজি পাইছে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ কঠিনতা৷ পুত্ৰক সিংহাসনত বহুৱাবলৈ চেষ্টাৰ সময়তে নভবা-নিচিন্তাকৈ চামগুৰিৰ নিৰ্বাচনী প্ৰেক্ষাপটত ধূমকেতুৰ দৰে অবিৰ্ভাৱ ঘটিল দীপ্লুৰঞ্জনৰ সাংগঠনিক দিশত দক্ষতা প্ৰদৰ্শন কৰি অহা দীপ্লুৰ বাবে যে চামগুৰি বিজয ৰকি পুত্ৰ তাঞ্জিলৰ বাবে কঠিন হৈ পৰিব সেয়া কিন্তু বাজপেয়ী ভৱনেও ভবা নাছিল৷ বিজেপিৰ এজন শীৰ্ষ নেতাই সদৰী কৰা অনানুষ্ঠানিক খবৰ অনুসৰি দলৰ বাবে চামগুৰিৰ নিৰ্বাচন প্ৰথমে আছিল কেৱল আনুষ্ঠানিকতাহে কিন্তু একমাত্ৰ দীপ্লুৰঞ্জন শৰ্মাই নিজা দক্ষতাৰে চামগুৰিত বিজেপিৰ পতাকা পুতিলে তেওঁৰ কাষত কিন্তু সবলভাৱে থিয় হৈ থাকিল ৰকিবুলৰ ঘোৰশত্ৰু জিতু গোস্বামী৷ ২০১৬ চনতো ৰকিবুলক চামগুৰিত পানী খুৱাই দিয়া জিতুৱে এইবাৰো দীপ্লুৰ হৈ গুৰুদায়িত্ব পালন কৰিছে সেইবাবেই বাজপেয়ী ভৱনৰ ব্লু আইড বয় হৈ পৰিছে দীপ্লুৰঞ্জন৷ যদি চামগুৰিত তেওঁ হাৰেও তেওঁ বিজেপি নেতৃত্বই হেৰুৱাবলৈ একো নাই৷ কিন্তু দীপ্লুৱে অনাগত সময়ত দলৰ অধিক দায়িত্ব লাভ কৰাটো খাটাং কেৱল এযাই নহয়, তেওঁৰ চৰকাৰৰ অভ্যন্তৰতো উত্থান ঘটিব পাৰে চামগুৰিত প্ৰদৰ্শন কৰা সাহসিকতাৰ বাবে দীপ্লুক ২০২৬ৰ নিৰ্বাচনত দলৰ নেতৃত্বই জিকিব পৰা সহজ সমষ্টিত টিকট দিব বুলি কথা দিছে গতিকে নিশ্চিত হৈছে দীপ্লুৰঞ্জনৰ ৰাজনৈতিক উত্থান৷ ৰকিবুলক ঢোকাঢোকে পানী খুৱাই দিয়াৰ ফলত তেওঁ নেতৃত্বৰ সমীহ আদায় কৰিছে