দুৰ্নীতিগ্ৰস্তক লাইটপ’ষ্টত ফাঁচি দিয়া হ’ব- স্বাধীনতা লাভৰ পিছত পণ্ডিত জৱাহৰলাল নেহৰুৱে জনতাক ওচৰত এই অংগীকাৰ কৰিছিল৷ পিছে নেহৰুৰ ঘোষণা ফলপ্ৰসূ নহ’ল৷ এজনো দুৰ্নীতিগ্ৰস্তক লাইটপ’ষ্ট কমি গ’ল, দুৰ্নীতি বাঢ়ি গ’ল৷ সেই অংগীকাৰৰ বহুদশকৰ পিছত অনুৰূপ প্ৰতিশ্ৰুতি দিছে অমিত শ্বাহে৷ জৱাহৰলাল নেহৰুৰ দৰেই বৰ্তমানৰ গৃহমন্ত্ৰীয়ে জনতাৰ ওচৰত গ্ৰহণ কৰিছে ভীষ্মপ্ৰতিজ্ঞা৷ ঝাৰখণ্ডত প্ৰচাৰ চলাই অমিত শ্বাহে কৰা ঘোষণা অনুসৰি দুৰ্নীতিগ্ৰস্তক মূৰ তললৈ কৰি ওভোতাকৈ বান্ধি থৈ দিয়া হ’ব৷ চিনেমাত যেনেকৈ অপৰাধীক ভৰিত বান্ধি থোৱা অথবা কচাই দোকানত কটা ছাগলী ওলোটাই ওলমাই থোৱাৰ দৰেই ঘোচখোৰকো শাস্তি দিয়া হ’ব৷ গৃহমন্ত্ৰীয়ে বাংলাদেশী ইছ্যুৰ সলনি সজোৰে উত্থাপন কৰিলে দুৰ্নীতিৰ কথা৷ গৃহমন্ত্ৰীয়ে ক’লে যে বৰ্তমান ঝাৰখণ্ডত উদ্ধাৰ হোৱা কোটি কোটি অবৈধ টকা হৈছে ৰাইজৰ ধন৷ গতিকে অনাগত সময়ত দৰিদ্ৰ আদিবাসী আৰু যুৱপ্ৰজন্মৰ প্ৰতিটো টকা লুট কৰা লোকসকলৰ পৰা উদ্ধাৰ কৰা হ’ব৷ সেই ধন লুণ্ঠন কৰা সকলক ওলোটাই বান্ধি ওলমাই থোৱাৰ প্ৰতিশ্ৰুতি দিলে অমিত শ্বাহে৷ মোদীৰ গেৰাণ্টি শিলৰ ৰেখা বুলি অভিহিত কৰি তেওঁ ৰাহুল গান্ধীকো সমালোচনা কৰিলে৷ গৃহমন্ত্ৰীয়ে ক’লে যে পূৰণ কৰিব নোৱাৰা প্ৰতিশ্ৰুতি দিয়াটো কংগ্ৰেছৰ অভ্য