নাম-গোন্ধ নোহোৱা প্ৰতিযোগিতাৰ চেম্পিয়নক অসমত আদৰণি জনাই থকা হৈছে৷ আন এখন ৰাজ্যত দুজনমানে লগ লাগি পতা সৌন্দৰ্য অথবা বডীবিল্ডিং প্ৰতিযোগিতাকে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বুলি প্ৰচাৰ চলাই আভুৱা ভাৰি থকা হৈছে অসমীয়াক৷
অলপতে এগৰাকী যুৱতীয়ে জয় কৰিলে মিছেছ ইণ্ডিয়া গেলেক্সী নামৰ প্ৰতিযোগিতা৷ সেই বিজয়ী যুৱতীগৰাকীক লৈ সকলো উদবাউল হৈ পৰিল৷ পডকাষ্টৰ অতিথি হৈয়ো কথা ক’লে সুন্দৰীয়ে৷
অসমৰ বিভিন্ন চেনেলতো ওলাল তেওঁৰ বিজয় সংবাদ৷ কিন্তু সেই প্ৰতিযোগিতাৰ বিষয়ে ই্টাৰনেটত কোনো তথ্যই নাই৷ দেশৰ অন্যতম স্বীকৃত সংবাদ গোষ্ঠী ANIয়ে প্ৰতিযোগিতাখনৰ বিষয়ে বাতৰি প্ৰচাৰ কৰিছিল৷ কিন্তু তলত উল্লেখ কৰিও দিছে প্ৰেছ বিবৃতিৰ কথা৷
অৰ্থাৎ আয়োজকে প্ৰেৰণ কৰা প্ৰেছ নোট অনুসৰিহে তেওঁলোকে বাতৰিটো লিখি দিছে৷ সেই মিছেছ ইণ্ডিয়া গেলেক্সী গতিকে কেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা হ’ব পাৰে?
আনহাতে অসমৰ শতাধিক বডীবিল্ডাৰে জয় কৰিছে মিষ্টাৰ ইণ্ডিয়া খিতাপ৷ একেদৰে অসমতো অনুষ্ঠিত হৈছে দেহশ্ৰী, মিষ্টাৰ অসম, মিষ্টাৰ ব্ৰহ্মপুত্ৰ আদিৰ দৰে প্ৰতিযোগিতা৷
সকলোবোৰ আয়োজকো ৰাজ্যিক পৰ্যায়ৰ বুলি ঘোষণা কৰে৷ কিন্তু অংশগ্ৰহণ কৰে এটা অঞ্চলৰ প্ৰতিযোগীয়েহে৷