আথিয়া ছেট্টী কিয় অকলশৰীয়া?

বহুদিনেই হ’ল বেটত ৰান পোৱা নাই কে এল ৰাহুলে দলত স্থান পাইছে, কিন্তু কাম্য সফলতা তেওঁ পোৱা নাইপিছে বেয়া দিনতে ভাল খবৰ দিছে কে এল ৰাহুলে৷ পত্নী আথিয়া ছেট্টী গৰ্ভৱতী বুলি অনুৰাগীক সংবাদ দিছে ক্ৰিকেটাৰজনে ইনষ্টাগ্ৰামৰ জৰিয়তে ৰাহুলে দিয়া খবৰ অনুসৰি গৰ্ভধাৰণ কৰিছে পত্নী আথিয়া ছেট্টীয়ে৷ বলীউডী অভিনয়ৰ কেৰিয়াৰ সামৰি বিবাহত আবদ্ধ হোৱা আথিয়া বৰ্তমান অন্তঃসত্ত্বা৷ সুনীল ছেট্টীৰ কন্যা আথিয়ায়ো গৰ্ভাৱস্থা নিশ্চিত কৰিছে৷ দম্পতিয়ে ইনষ্টাগ্ৰামত দিছে সম্ভাৱ্য সন্তানলাভৰ সংবাদতাৰ পিছতো অৱশ্যে পত্নীক সময় দিব পৰা নাই কে এল ৰাহুলে৷ বেটত ৰান নোপোৱাৰ বাবে জাতীয় দলৰ পৰা বিহাৰ হোৱাৰ আশংকা হৈছে ৰাহুলৰ৷ সেয়ে ফৰ্ম ঘূৰাই পাবলৈ এ দলৰ হৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছেগৈ ৰাহুলে কিন্তু জুনিয়ৰ দলৰহৈ খেলিও বিফল হৈছে ৰাহুল সৰহীয়া ৰান কৰিবলৈ সক্ষম নোহোৱাৰ বাবে ক্ৰিকেটপ্ৰেমীৰ ট্ৰ’লিঙৰ চিকাৰ হৈছে কে এল ৰাহুল কিন্তু বেয়া সময়ত পৰিয়াল বঢ়াবলৈ প্ৰস্তুত হৈছে ৰাহুল আৰু আথিয়া

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial