ছেলফি লোৱাৰ সুযোগেৰে স্তনত স্পৰ্শ

ৰাছিয়ান আৰু জনী লিভাৰৰ অৱস্থা অসমত একেই হ’ল৷
বিবাহৰ শোভাবৰ্ধন কৰিবলৈ ভাৰাত অনা ৰাছিয়ান সুন্দৰী আৰু কেতিয়াও অসমলৈ নাহে৷ কাৰণ ৰঙিয়াৰ বিবাহত ভালকৈ এসেকা পালে ৰুছ দেশৰ ৰূপহী যুৱতীয়ে৷ গাখীৰত সেন্দূৰ মিহলোৱাৰ দৰে বৰণৰ ৰাছিয়ান সুন্দৰীয়ে উভতি যোৱাৰ পৰত অসন্তুষ্টিও প্ৰকাশ কৰিলে৷
বাইহাটা চাৰিআলিৰ আঠাৰাত অনুষ্ঠিত ছৈয়দ ছহিদুল আলমৰ ৫ কোটিটকীয়া বিয়াখনৰ কথা ইতিপূৰ্বে আলোচনা হৈছে৷ বিবাহত অতিথিক আদৰিবলৈ অনা বগী ৰাছিয়ান মডেলৰ ফটোও দেখিছে ৰাইজে৷
পিছে তেওঁলোক কিমান বিৰক্ত হৈ অসমৰ পৰা উভতি গৈছে সেয়া কোনেও নাজানে৷ ৱেডিং প্লেনাৰে প্ৰকাশ কৰা অনুসৰি বিবাহৰ অতিথিৰ আচৰণত বিৰক্ত হৈছিল ৰাছিয়ান মডেল৷ তেওঁলোকৰ সৈতে ছেলফি উঠিবলৈ গৈ বহু পুৰুষে স্পৰ্শ কৰিছিল শৰীৰ৷
হাতত আৰু বুকুত কামনা লোলুপ স্পৰ্শৰ বাবে ৰাছিয়াৰ মডেল অতিষ্ঠ হৈ পৰিছিল৷ বহুতে গোপন অংগতো তেওঁলোকক স্পৰ্শ কৰাৰ চেষ্টা কৰিছিল বুলিও আপত্তি দৰ্শাইছে ৰুছ মডেলে৷
সেয়ে অতিষ্ট হৈ অসম ত্যাগ কৰিছে ৰাছিয়াৰ মডেলে৷ পেছাদাৰী ৰাছিয়ানে আৰু কেতিয়াও অসমলৈ নাহে বুলিও জনাই দিছে ৱেডিং প্লেনাৰক৷
বিগত সময়ত আকৌ হাগ্ৰামা মহিলাৰীৰ বিয়ালৈ অনা হৈছিল অভিনেতা জনী লিভাৰক৷ সেই সময়তো অতিথিৰ উপদ্ৰৱত অতিষ্ঠ হৈছিল জনী লিভাৰ৷ গতিকে অসমলৈ নহাৰ সংকল্প লৈছিল লিভাৰে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email