ফুলশয্যাৰ নিশা মৌনতা আৰু শ্মশানৰ নীৰৱতাৰ তফাৎ আছে৷ ধুমুহাৰ আগৰ প্ৰশান্তিয়ে দুৰ্যোগৰ বতৰা দিয়ে৷
সেইবাবেই নীতিশ কুমাৰৰ সাম্প্ৰতিক নীৰৱতা বিজেপিৰ বাবে হৈ পৰিছে বিপদৰ আগজাননীৰ দৰে৷ ৰাষ্ট্ৰীয় ৰাজনীতিত বিহাৰী বাবুৰ নীৰৱতাই প্ৰধানমন্ত্ৰীক বিপদৰ উমান দিছে৷ গতিকে নিৰ্বাচনী ব্যস্ততা একাষৰীয়া কৰি নীতিশক লগ ধৰিবলৈ সিদ্ধান্ত লৈছে নৰেন্দ্ৰ মোদীয়ে৷
কেন্দ্ৰীয় চৰকাৰৰ খুঁটা হৈ থকা বিহাৰৰ মুখ্যমন্ত্ৰীয়ে কোনোপধ্যে যাতে বিপৰীত সিদ্ধান্ত নলয় তাৰ বাবে প্ৰধানমন্ত্ৰী হৈ পৰিছে সচেষ্ট৷ শেহতীয়া খবৰ অনুসৰি নীতিশক লগ পাবলৈয়েই মোদীয়ে ১৩ নৱেম্বৰত নিৰ্ধাৰণ কৰিছে বিহাৰ ভ্ৰমণ৷ বাৰম্বাৰ মাতি মাতিও নীতিশক দিল্লীলৈ নিব নোৱাৰি প্ৰধানমন্ত্ৰীয়েই পাটনা ভ্ৰমণৰ সিদ্ধান্ত লৈছে৷
কিন্তু ইয়াতে শেষ হোৱা নাই ৰাজনৈতিক উৎকণ্ঠা৷ অন্দৰ মহলৰ খবৰ অনুসৰি ১৩ তাৰিখে আনক দেখুৱাইহে বিহাৰত চৰকাৰী কাৰ্যসূচী নিৰ্ধাৰণ কৰিছে মোদীয়ে৷ কিন্তু তেওঁৰ প্ৰকৃত উদ্দেশ্য হৈছে নীতিশ কুমাৰৰ সৈতে আলোচনা৷ কিন্তু ১৫ নৱেম্বৰত আকৗ বিহাৰ যাত্ৰা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে সময় উলিয়াই থৈছে৷
সেইদিনাই তেওঁ সম্ভৱত: নীতিশৰ উপস্থিতিত ৰাজ্যখনৰ বাবে একাধিক পেকেজ ঘোষণা কৰিব৷ বিহাৰক কেবাকোটি টকাৰ ৰে’ল প্ৰকল্প প্ৰদান কৰিব মোদীয়ে৷ লগতে কেবাখনো মেডিকেল কলেজৰো আধাৰশিলা মোদীয়ে স্থাপন কৰিব৷ নীতিশৰ জে ডি ইউ যাতে এন ডি এৰ পৰা আঁতৰি নাযায় তাৰ বাবে সচেষ্ট প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰো মনস্থ কৰিছে৷
বিজেপিৰ সমৰ্থিত মহলে দিয়া খবৰ অনুসৰি অনাগত ৰদ-বদলত নীতিশৰ দলৰ কেবাজনো সাংসদক মন্ত্ৰিত্ব দিয়া হ’ব৷ মুঠতে নীতিশক সন্তুষ্ট কৰিব মোদীয়ে৷ তদুপৰি নীতিশ কুমাৰৰ সন্তুষ্টিৰ বাবে অমিত শ্বাহকে বিসৰ্জন দিব প্ৰধানমন্ত্ৰীয়ে৷ বৰ্তমান দৰাচলতে এন ডি এত থাকিলেও গৃহমন্ত্ৰীৰ সৈতে শত্ৰুতাৰ বাবে নীতিশ নিষ্ক্ৰিয় হৈ পৰিছে৷
বিগত সময়ত বিহাৰ চৰকাৰত নীতিশে নিবিচৰাসত্ত্বেও অমিত শ্বাহে দুজন বিজেপি বিধায়কক উপ-মুখ্যমন্ত্ৰী পাতিছিল৷ সেই দুজনকো মোদীয়ে আঁতৰাই দিবলৈ সিদ্ধান্ত লৈছে৷ বিহাৰৰ মুখ্যমন্ত্ৰী যাতে বিতুষ্ট নহয় তাৰ বাবে প্ৰধান সহযোগী অমিত শ্বাহক ৰাজনৈতিকভাৱে উছৰ্গা কৰিছে মোদীয়ে৷