মুখ্যমন্ত্ৰীয়ে বিহালীত ঘোষণা কৰিছে
স্বাধীনতা সংগ্ৰামী, প্ৰবাদপ্ৰতিম গোৰ্খা নেতা ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি গুৱাহাটীত স্থাপন কৰা হ’ব৷
শুভস্য শীঘ্ৰমৰ বাবে নক্সা আঁকিবলৈয়ো মুখ্যমন্ত্ৰীয়ে তাৎক্ষনিক নিৰ্দেশ দিছে৷
কিন্তু এতিয়া তাৰ পিছৰ কথাখিনি শুনক
২০১৯-২০ বৰ্ষৰ বাজেট দাখিল কৰি বৰ্তমান মুখ্যমন্ত্ৰীয়ে বিত্তমন্ত্ৰী হৈ থাকোতে অসম সচিবালয়ত ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ মূৰ্তি স্থাপনৰ ঘোষণা কৰিছিল৷ শীঘ্ৰে জনতা ভৱনত কুমাৰ ভাস্কৰ বৰ্মা থিয় হ’ব বুলি সদনতে ঘোষণা কৰিছিল৷
লগতে কোচ ৰজা নৰনাৰায়ণ আৰু স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিও স্থাপনৰ ঘোষণা কৰা হৈছিল৷
সেই ঘোষণাৰ পাচঁ বছৰ হ’ল৷ এইপৰ্যন্ত প্ৰতিমূৰ্তি দূৰৰ কথা, একো কামেই আৰম্ভ নহ’ল৷
তাৰ পিছত কেবাশ কোটি টকাৰে সচিবালয় সজা হ’ল৷
গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে অভাৰব্ৰীজো চৰকাৰে সাজিলে৷ পিছে মূৰ্তি তিনিটা সাজিবলৈ চৰকাৰৰ আহৰি নোলাল৷
এই প্ৰশ্নৰ উত্তৰ কিন্তু সাংসস্কৃতিক পৰিক্ৰমা দপ্তৰেও দিব নোৱাৰে৷ গতিকে আশা নোহোৱা হ’ল মূৰ্তি নিৰ্মাণৰ৷
এইবাৰ ছবিলাল উপাধ্যায়ৰ মূৰ্তিও যে কেৱল ঘোষণা হৈয়েই থাকিব সেয়াও খাটাং৷