লক্ষ্য কৰিবচোন কথাটো
অসমত চিগাৰেট খোৱা মানুহৰ সংখ্যা বাঢ়িছে৷ অসমলৈ পূৰ্বতকৈ ৪০ গুণ বেছিকৈ চিগাৰেট যোগান ধৰিছে উৎপাদনকাৰী প্ৰতিষ্ঠানে৷ বিশেষকৈ গ’ল্ডফ্লেক নামৰ চিগাৰেটবিধ চাহিদা অনুপাতে যোগানেই ধৰিব পৰা নাই কোম্পানীয়ে৷
যুৱক-যুৱতী বুলি কথা নাই, অসমত সকলোৱে ধূমপান কৰিবলৈ লৈছে৷ কি হৈছে কোনেও ক’ব পৰা নাই, কিন্তু অসমলৈ বাঢ়িছে চিগাৰেটৰ আমদানি৷
তথ্য অনুসৰি ফ্লেক কোম্পানীৰ চিগাৰেট প্ৰতি সপ্তাহে ৮ কোটি টকাৰ আহিছে৷ ১৩ কোটিৰ গ’ল্ডফ্লেক পান কৰিছে অসমৰ ধূম্ৰপায়ীয়ে৷
একেদৰে ফ’ৰ স্কোৱেৰ, ব্লেক আদি চিগাৰেটৰো বিক্ৰী বাঢ়িছে৷ গ’ল্ডফ্লেক লাইট অথবা আন ১৮ টকীয়া চিগাৰেট খোৱা লোকসকলৰ বেছিভাগেই হৈছে ৩০ বছৰৰ তলৰ বয়সৰ৷
মূলতঃ মনোবৈজ্ঞানিক কাৰণতে অসমত যে ধূম্ৰপায়ীৰ সংখ্যা বঢ়িছে সেয়াও খাটাং৷ পিছে এই বৰ্ধিত হাৰে ভৱিষ্যতলৈয়ো বিপদ মাতিছে৷
বিজ্ঞানীৰ মতে নিক’টিনে মগজুৰ কোষ ধ্বংস কৰে৷ ফলত জিন আৰু DNAৰো ক্ষতি হয়৷ যাৰ বাবে চিগাৰেট পান কৰা লোকসকলৰ সন্তানো প্ৰভাৱিত হয়৷ চিগাৰেট খোৱা যুৱক-যুৱতীয়ে কেতিয়াও সুস্থ-সবল সন্তান জন্ম দিব নোৱাৰে৷
এতেকে চিগাৰেটে অসমৰ কৰিছে সাংঘাতিক ক্ষতি৷ ভাবিব নোৱাৰা ধৰণেৰে অসমকে ঘূণীয়া কৰিছে চিগাৰেটে৷