এছক’ৰ্ট ছাৰ্ভিচৰ ৱেবছাইটত উল্লেখ আছে যোৰহাটৰ চেনিজানৰ কেবাগৰাকী মহিলাৰ ফোন নম্বৰ৷ একেদৰে তিতাবৰ তিনিআলিৰ বেশ্যাৰ যোগাযোগৰ নম্বৰো ৱেবছাইটত উল্লেখ কৰা আছে৷ অসমীয়া দেহ ব্যৱসায়ীৰ দাম আৰু সবিশেষ উল্লেখ কৰা আছে৷
এই বিষয়ে প্ৰাথমিক অনুসন্ধান চলাই আমি উদঘাটন কৰিছোঁ সত্য তথ্য৷ যোৰহাটৰ পৰা আমি সংগ্ৰহ কৰা তথ্য অনুযায়ী এইসকল মহিলাই ঘৰৰ লগতে হোটেলতো দেহ ব্যৱসায় কৰে৷ তেওঁলোকে ফোনৰ জৰিয়তে গ্ৰাহকৰ সৈতে যোগাযোগ কৰি মিলিত হয়৷
তাৎপৰ্যপূৰ্ণভাৱে পতিতা মহিলাসকলৰ ৫০ শতাংশ হৈছে বিবাহিতা৷ তেওঁলোকৰ সন্তানো আছে৷ তদুপৰি তেওঁলোকৰ বেছিভাগেই সম্ভ্ৰান্ত পৰিয়ালৰ৷ ধনৰ বাবে দেহ ব্যৱসায় কৰিবলগীয়া মহিলা সেইসকল নহয়৷ সেইসকল অসমীয়া পতিতাৰ গ্ৰাহক হৈছে চহকী মাৰোৱাৰী আৰু বিহাৰী ব্যৱসায়ী৷
একেদৰে গোলাঘাটতো আমি সন্ধান লাভ কৰিছোঁ অসমীয়া বেশ্যাৰ৷ বৰপথাৰৰ কেবাগৰাকী মহিলাই এছক’ৰ্ট ছাৰ্ভিচৰ ৱেবছাইটত ছদ্মনামত নাম পঞ্জীয়ন কৰি দেহ ব্যৱসায় কৰি থকাৰ কথা স্বীকাৰ কৰিছে৷
একেদৰে ডিব্ৰুগড়ৰ লাহোৱাল, টিংখাং আদিৰ ৬ গৰাকী মহিলা বেশ্যাবৃত্তিত জড়িত বুলি আমি নিশ্চিত হৈছোঁ৷ চহকী পৰিয়ালৰ এই অসমীয়া মহিলাই চহৰৰ হোটেলত গ্ৰাহকৰ সৈতে অভিসাৰ কৰে৷