কংগ্ৰেছৰ সমস্যাটো ক’ত সেয়া কোনেও বুজি পোৱা নাই৷ গৌৰৱ গগৈয়ে থপিয়াই বিহালী সমষ্টিটো মিত্ৰজোঁটৰ পৰা কাঢ়ি ল’লেও দলটোৱে কি কৰি আছে সেয়া হৈ পৰিছে অবুজ সাথৰ৷
এটা কথা চাওক
প্ৰায় প্ৰতিটো দলতে কাৰ্যনিৰ্বাহৰ পিছত BJPত যোগ দিছিল কমল কুমাৰ মেধিয়ে৷ এতিয়া চাওক, BJPয়ে কমল মেধিক সুন্দৰকৈ ব্যৱহাৰ কৰিছে৷ বিহালী আৰু চামগুৰিৰ উপ-নিৰ্বাচনী প্ৰচাৰত লগাই দিয়া হৈছে মেধিক৷
মুঠতে মেধিৰ মাজত থকা সম্ভৱনা উলিয়াই লৈছে BJPয়ে৷
কংগ্ৰেছত আকৌ শেহতীয়াকৈ যোগ দিছিল প্ৰবীণ হিন্দুত্ববাদী অশোক শৰ্মাই৷ নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা RSSৰ বাবেই জীৱন উছৰ্গা কৰা অশোক শৰ্মাই নতুন BJPৰ প্ৰভাৱত অতিষ্ঠ হৈ দলত্যাগ কৰিছিল৷
সেইসূত্ৰে উপ-নিৰ্বাচনত অশোক শৰ্মাই শাসকীয় দলৰ অভ্যন্তৰীণ কথাবোৰ উদঙাই কংগ্ৰেছক উপকৃত কৰাৰ সুযোগ আছিল৷
পিছে BJPয়ে যেনেদৰে কমল মেধিক ব্যৱহাৰ কৰিলে, কংগ্ৰেছে কিন্তু তেনেকৈ অশোক শৰ্মাক আগবঢ়াই নিদিলে৷ আচলতে কোনেও নুবুজে কংগ্ৰেছৰ মহিমা৷
কংগ্ৰেছৰ মহিমা বুজাটো টান
