মা, ওলাই থাকিবাচোন
ফটো এখন উঠিব লাগিব
আমি বেছি সময় ঘৰত নাথাকো
অৰুণাচললৈ যাম
এয়াই অসম চৰকাৰৰ পিতৃ-মাতৃ বন্দনাৰ কৰ্মসূচী৷ ওপৰত উল্লেখ কৰা কথা কেইফাকি আমি অৱশ্যেই অনুমানৰ ভিত্তিত কোৱা নাই৷ এজন শিক্ষক আৰু মাতৃৰ মাজত হোৱা কথোপকথনৰ ভিত্তিতহে কৈছোঁ৷
অসম চৰকাৰে অভিভাৱকৰ সেৱা কৰিবলৈ কৰ্মচাৰীক দুদিন ছুটী দিছে৷ পিছে এই বন্ধৰ সময়ত অৰুণাচলৰ ৰয়িং আৰু মায়’ডিয়াত গাড়ীৰ লাইন লাগিছে৷
চৰকাৰৰ নিৰ্দেশ অনুসৰি উজনিৰ চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃৰ সৈতে ততা-ভুকুতাকৈ ফটো এখন উঠিছে৷ তাৰ পিছতে এৰিছে ঘৰ৷
ফটোখন চৰকাৰী প’ৰ্টেলত আপলোড কৰি তেওঁলোক পৰিয়ালৰ সৈতে ফুৰিবলৈ গৈছে৷ আমি লাভ কৰা খবৰ অনুসৰি ছিলঙতো বুকিং হৈছে প্ৰায়বোৰ হোটেল৷
পুলিচ বজাৰৰ ৮০ শতাংশ হোটেলৰ আটাইবোৰ ৰূম অসমৰ ভ্ৰমণকাৰীয়ে বুকিং কৰিছে৷ পিতৃ-মাতৃৰ সৈতে ফটো এখন উঠি তেওঁলোক সকলো ফুৰিবলৈ গৈছে৷ পুলিচ বজাৰৰ হোটেলৰ পৰা সংগ্ৰহ কৰা তথ্য অনুসৰি বেছিভাগ ভ্ৰমণকাৰীয়েই হৈছে শিক্ষক৷
স্কুলৰ পৰা দুদিন ছুটী পাই তেওঁলোক ফুৰিবলৈ ওলাই গৈছে৷ বাটতে অভিভাৱকক লগ ধৰি উঠি গৈছে এখন ফটো৷