ধান পকালৈ ৰৈ আছে ধোদ অসমীয়া

অসমীয়াই মিঞা খেদে, হাঁহি উঠা কথাহে
আমি এনেয়ে কথাষাৰ কোৱা নাই৷ চৰজমিন অধ্যয়ন আৰু পৰিস্থিতি বিশ্লেষণ কৰিহে কৈছোঁ৷
অসমীয়াই বছেৰেকীয়া খেতি কৰি বৰ্তমান জিৰনি লৈছে৷ ধান পকালৈ ৰৈ আছে অসমৰ থলুৱা জনতা৷ কিন্তু খেতি সামৰি আকৌ পথাৰত নামিলেই মিঞা৷
উজনিত বৰ্তমান শ শ বিঘা মাটি ছন পৰি আছে৷ ৰাস্তাৰে যাত্ৰাৰ সময়তে চকুত পৰে ছন পৰি থকা মাটি৷ খিলঞ্জীয়াৰ মালিকানাধীন মাটিত কেৱল বন গজি আছে৷
কিন্তু নামনিলৈ গ’লে আপুনি নেদেখে এডোখৰো খালী মাটি৷ মিঞাই বৰ্তমান হাজাৰ বিজাৰ বিঘা মাটিত জলকীয়া খেতি কৰিছে৷
গোৱালপাৰাৰ ৰামহৰি চকত চৰজমিন অধ্যয়নৰ সময়ত আমি দেখিছিলোঁ কেবাশবিঘা মাটিত মিঞাই কৰা খেতি৷ বাৰমহীয়া ধনীয়া, পালেং, লাই-লফাৰ খেতি কৰি আছে মিঞাই৷
গতিকে কিছুদিনৰ পিছত অসমীয়াই খাবলৈ জলকীয়া আৰু শাক-পাচলি উলিয়াই দিব পাৰিব মিঞাই৷ বজাৰত সেইবোৰেই মিঞাৰ পৰা কিনিব অসমীয়াই৷
তাৰ বিপৰীতে কিন্তু অসমীয়াই এতিয়া বহি-শুয়েই সময় পাৰ কৰিছে৷ মিঞাই কাম কৰি থকাৰ সময়ত খাৰখোৱাই কৰিছে আৰাম৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email