পত্নীৰ বয়ফ্ৰেইণ্ডক সম্ভাষণ জনালে ঋত্বিক ৰোছনে৷ হেণ্ডচেক কৰিলে পত্নীৰ প্ৰেমিকক৷ একেদৰে স্বামীৰ গাৰ্লফ্ৰেইণ্ডক সাবটি ধৰিলে ছুজান খানে৷ স্বামী ঋত্বিক ৰোছনৰ গাৰ্লফ্ৰেইণ্ডৰ সৈতে কথাও পাতিলে ছুজানে৷
কথাবোৰ শুনিবলৈ আচহুৱা আৰু খেলি-মেলি ধৰণৰ৷ কিন্তু আমাৰ বাবে আজব কথাবোৰ একেবাৰেই সত্য৷
অলপতে জন্মদিনৰ পাৰ্টীৰ আয়োজন কৰিছিল বলীউডৰ অভিনেতা ঋত্বিক ৰোছনৰ প্ৰাক্তন পত্নী ছুজান খানে৷ তেওঁ সেই পাৰ্টীলৈ নিমন্ত্ৰণ জনাইছিল প্ৰাক্তন স্বামী ঋত্বিকক৷
নিমন্ত্ৰণ স্বীকাৰ কৰি পাৰ্টীত উপস্থিত হৈছিল ঋত্বিক৷ তেওঁ আকৌ লগত লৈ গৈছিল গাৰ্লফ্ৰেইণ্ড ছাবা আজাদক৷
সেই পাৰ্টীত উপস্থিত আছিল ঋত্বিক আৰু ছুজানৰ সন্তানো৷
যথাসময়ত পাৰ্চী আৰম্ভ হোৱাৰ পিছত সকলোৱে নাছিলে৷ ঋত্বিকৰ পত্নী ছুজানৰ ওষ্ঠমধু পান কৰিলে বয়ফ্ৰেইণ্ড আৰ্ছলান গণিয়ে৷ পত্নীক বয়ফ্ৰেইণ্ডৰ হাতত এৰি দিলে ঋত্বিকে৷
একেদৰে তেওঁকো গাৰ্লফ্ৰেই্ড ছাবা আজাদৰ সৈতে এৰি দিলে পত্নী ছুজানে৷ মাক-দেউতাকৰ নতুন সংগীক দেখিলে সন্তানেও৷