টিভিত ওলোৱাৰ লোভতে আবোল-তাবোল কথা

বহুদিন চৰ্চাৰ পৰা বাহিৰত আছে, সেয়ে এষাৰ বিতৰ্কিত কথা কৈ দিলেই আকৌ সংবাদ শিৰোনাম দখল কৰিছে৷
এয়াই হৈছে তথাকথিত চেলিব্ৰিটীৰ পৰিচিত টেকনিক৷ আপুনি নাভাবিব, কোনোবা গায়কে এটা কথা নজনাকৈ কৈছে বুলি৷ তেওঁ নিজৰ বক্তব্যৰ সত্যাসত্য জানে৷ কিন্তু বিতৰ্কিত কথা কোৱাৰ কাৰণ হৈছে সংবাদ শিৰোনাম দখল কৰা৷
আচলতে অসমৰ গায়কেই নহয়, প্ৰতিজন নেতা অথবা এক্টিভিষ্টে প্ৰচাৰ লাভৰ বাবেই কয় বিতৰ্কিত কথা৷
দীঘলী পুখুৰীৰ পাৰৰ গছৰ বয়সহে যে ২০০ বছৰ, কিন্তু অসমীয়া ভাষাৰ বয়স হাজাৰ বছৰ বুলি গায়কে জানে৷ কিন্তু তেওঁ কিছুদিন ভয় খাই আছিল, কাৰণ সংবাদ মাধ্যম আৰু চেনেলৰ পৰা আঁতৰিছিল তেওঁৰ নাম৷ সেয়ে পুনৰ নামটো ওলাই থাকিবলৈ কৈ দিলে এষাৰ বিতৰ্কিত কথা৷
এয়াই হৈছে অসমৰ চেলিব্ৰিটিৰ পৰিচিত পদ্ধতি৷ আন বিষয়ে চৰ্চা লাভ কৰিলেই আচলতে তেওঁলোক ভীতিগ্ৰস্ত হৈ পৰে৷
অনবৰতে চৰ্চাৰ মাজত থাকিবলৈ তেওঁলোকে নিজৰ মান-সন্মান বিসৰ্জন দিব পাৰে৷ তথাপি প্ৰচাৰ লাভৰ বাবে নিজৰ মাতৃভাষাকো অসন্মান কৰিবলৈ কুণ্ঠাবোধ নকৰে৷
এয়াই হৈছে অসমৰ তথাকথিত চেলিব্ৰিটী গায়কৰ কথা৷ তেওঁলোকৰ কাম হৈছে ইছ্যু ডাইভাৰ্ট কৰা৷ দীঘলী পুখুৰীৰ কথা জনতাক পাহৰাবলৈ এতিয়া তথাকথিত চেলিব্ৰিটীয়ে অসময়ত উত্থাপন কৰিছে অসমীয়া ভাষাৰ কথা৷
গতিকে ৰাইজ আকৌ ভোল নাযাব৷ কা-আন্দোলনৰ সময়ৰ ইছ্যু ডাইভাৰ্টৰ কথা মনত পেলাব৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email