কাক ভোট দিব মিঞাই

নকল প্ৰাৰ্থীয়েই BJPৰ মাষ্টাৰপ্লেন
ডেমি প্ৰাৰ্থীৰ টেকনিক শাসকীয় দলৰ
২০২৬ৰ বাবেও সাজু নকল প্ৰাৰ্থী
ভোট ভাঙিবলৈ সাজু কৰিছে নকল প্ৰাৰ্থী
চামগুৰি BJPৰ বাবে লেবৰেটৰী
মিঞাক গিনিপিগ সাজি BJPৰ পৰীক্ষা
কাক ভোট দিব মিঞাই
নকল প্ৰাৰ্থীয়েই হৈছে BJPৰ নতুন টেকনিক৷ চামগুৰিতে সেই পদ্ধতি অৱলম্বনৰ কৰি পৰীক্ষা কৰিছে BJPয়ে৷ প্ৰতিদ্বন্দ্বী দলৰ ভোটবেংক থানবান কৰিবলৈ BJPয়ে নকল প্ৰাৰ্থীক সহায় কৰিছে৷
২০২৬ৰ নিৰ্বাচনত নকল অ্থাৎ ডেমি প্ৰাৰ্থীয়েই যে BJPৰ মূল টেকনিক হ’ব তাৰে ইংগিত দিছে চামগুৰিয়ে৷ এইবাৰ চামগুৰিৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হৈছে দীপ্লুৰঞ্জন শৰ্মা৷ তেওঁ ৰকিবুলৰ পুত্ৰ তাঞ্জিলক প্ৰত্যাহ্বান জনাইছে৷ বিগত সময়ত চামগুৰিৰ মিঞা ভোট ভাঙিবলৈ AIUDF প্ৰাৰ্থী প্ৰেক্ষপ কৰাবলৈ BJPয়ে চেষ্টা কৰিছিল৷ পিছে নিজৰ ৰাজনৈতিক কফিনত অন্তিমটো গজাল মাৰিবলৈ বদৰুদ্দিন আজমল সৈমান নহ’ল৷
গতিকে চামগুৰিত BJPয়ে প্ৰক্ষেপ কৰিছে কেবাজনো নকল প্ৰাৰ্থী৷ তিনিজনৰ মনোনয়ন বাতিল হোৱাৰ পিছত চামগুৰিত আছেগৈ ১১ জন প্ৰাৰ্থী৷ ইয়াৰে আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীয়েও হাজাৰোধিক মিঞা ভোট কাঢ়ি নিব৷
গতিকে মিঞা ভোটবেংক ভাঙিবলৈ BJPয়ে অৱশিষ্ট আঠজন প্ৰাৰ্থীক ধনে-জনে সহায় কৰিছে৷ SUCIj আব্দুছ ছবুৰ মিঞা, বীৰেন বসাক, ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ ৰাব্বুল হক, নিৰ্দলীয় ক্ৰমে আব্দুল মজিদ, জেহিৰুল ইছলাম, ফাতেমা খাতুন, মোছাবিৰ আলি আহমেদ আৰু শশী তাঁতীক শাসকীয় দলে ধনে-জনে সহায় কৰিছে৷
সকলো প্ৰাৰ্থীকে নিৰ্দিষ্ট এলেকাৰ ভোটবেংক ভাঙিবলৈ দিয়া হৈছে দায়িত্ব৷ তাঞ্জিল হুছেইনৰ ভোটবেংক ভংগ কৰিবলৈ মিঞা প্ৰাৰ্থীকে দিয়া হৈছে দায়িত্ব৷
বিগত সময়ত চতিয়া সমষ্টিত পদ্ম হাজৰিকাই নকল প্ৰাৰ্থীৰ জৰিয়তে ভোট বিভাজন কৰিছিল৷ বড়ো ভোটবেংকৰ বিভাজনৰ উদ্দেশ্যে তেওঁ পৃষ্ঠপোষকতা কৰিছিল কেবাজনো বড়ো প্ৰাৰ্থীৰ৷ এই পদ্ধতিটোৱেই হৈছে ২০২৬ৰ নিৰ্বাচনৰ বাবে BJPৰ মাষ্টাৰপ্লেন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email