ভাত খাওতে তলমূৰ কৰে দাসে

আনৰ পৰাহে শুনিছে, বয়-বস্তু অভাৱনীয়া দাম বৃদ্ধিৰ কথা নিজে গমেই নাপাই ৰঞ্জিত দাসে৷ তলমুৰকৈ ভাত খোৱাৰ কথা কৈ নিজৰ অজ্ঞতাও স্বীকাৰ কৰিছে ৰাজ্যৰ অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে৷ কাৰ্যকালৰ আৰম্ভণিতে অসমবাসীক কেৱল নিমখ খুওৱাৰহে দায়িত্ব লোৱা দাসে আনৰ পৰাহে শুনিছে বজাৰত জুই লগাৰ কথা৷
সেয়ে তলমূৰ কৰি ভাত খাইছে অসমৰ নিমখ মন্ত্ৰীয়ে৷ এই কথা তেওঁ নিজেই কৈছে৷ মন্ত্ৰীগৰাকীৰ মতে সদায়েই তেওঁখ পত্নীয়ে কথা শুনাইছে৷ বয়-বস্তুৰ বৰ্ধিত দাক লৈ কথা শুনিবলগীয়া হৈছে মন্ত্ৰীয়ে৷ পত্নীয়ে আনৰ কষ্টৰ বৰ্ণনা কৰি ভাত খোৱাৰ সময়ত মন্ত্ৰীক প্ৰশ্ন কৰিছে৷
এই খতাটোৰ পৰা স্পষ্ট হৈছে মন্ত্ৰীৰ অজ্ঞতা৷ মন্ত্ৰী দাসে আওপকীয়াকৈ স্বীকাৰ কৰিছে- বজাৰত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ বিষয়ে তেওঁ নাজানে৷ অৰ্থাৎ দামবৃদ্ধিয়ে সাধাৰণ ৰাইজক জলা-কলা খুওৱাৰ কথা মন্ত্ৰীয়ে গমেই নাপায়৷
কিন্তু নিয়ম অনুসৰি ৰাজ্যৰ অশামৰিক যোগান শৃংখলা সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰে বিভাগীয় মন্ত্ৰীয়ে৷ অসমৰ বজাৰত কিমান কি বস্তু আছে সেই সকলোবোৰ মন্ত্ৰীৰ নখ দৰ্পণতে থাকিব লাগে৷
তাৰ পিছতো মন্ত্ৰীয়ে গম নাপায় বজাৰৰ জুইৰ কথা৷ পত্নীয়ে কওঁতেহে দাম বৃদ্ধিৰ কথা শুনিছে ৰঞ্জিত দাসে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email