মুছলমানৰ অত্যাচাৰৰ বিৰুদ্ধে বাংলাদেশত জাগি উঠিছে হিন্দু৷ শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছতে অকথ্য অত্যাচাৰৰ বলি হোৱা সনাতনধৰ্মীয়ে ৰাজপথত অৱস্থান কৰিছে৷
তদাৰকী শাসক মহম্মদ ইউনুছৰ কাৰ্যকালত হিন্দুসকল সন্মুখীন হোৱা প্ৰতিবাদৰ সবিশেষ বিশ্বক জনাবলৈ তেওঁলোকে দুদিনধৰি উত্তাল কৰিছে ঢাকা৷ পৰহিৰে পৰা চাৰু চন্দ্ৰ দাস ব্ৰহ্মচাৰী নামৰ নেতাৰ নেতৃত্বত হিন্দুসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে৷
কিন্তু খবৰ অনুসৰি ১৯ জন হিন্দু বাংলাদেশীক আৰক্ষীয়ে কৰিছে নিৰ্মম অত্যাচাৰ৷ সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰৰ দাবীত প্ৰতিবাদ কৰা চিটাগং জিলাৰ ১৯ হিন্দু নাৰকীয় অত্যাচাৰৰ বলি হৈছে৷
দেশখনৰ আৰক্ষীয়ে কৰা ঘোষণা অনুসৰি চিটাগং জিলাত প্ৰতিবাদৰ সময়ত এদল হিন্দুৱে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰিছিল৷ গেৰুৱা পতাকা উত্তোলনৰ ভুৱা অভিযোগত তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে৷
তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ১৯ জন হিন্দু নেতাক চলাইছে নিৰ্যাতন৷ তেওঁলোকৰ পৰিয়ালো হিংসাৰ সন্মুখীন হৈছে৷ গতিকে বাংলাদেশত তুংগত উঠিছে হিন্দুৰ প্ৰতিবাদ৷ ঢাকাত অৱস্থান গ্ৰহণ কৰি লক্ষাধিক হিন্দুৱে দাবী কৰিছে সমমৰ্যাদা৷
প্ৰতিখোজতে বৈষম্যৰ বলি হোৱা হিন্দুসকলে দাবী কৰিছে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ৷ আনহাতে কেবাজনো হিন্দু নেতা বৰ্তমান নিৰুদ্দেশ হোৱা বুলিও তেওঁলোকে দাবী কৰিছে৷ প্ৰতিবাদীয়ে সদৰী কৰা অনুসৰি মুছলমানৰ অত্যাচাৰৰ প্ৰতিবাদ কৰিলেই নিখোজ হৈছে হিন্দু নেতা৷