২৪ বছৰৰ পিছত কলংকিত হ’ল ক্ৰিকেট

নামঘৰত আপোনালোকে নিশ্চয় দুৰ্যোধনৰ দৰ্পচূৰ্ণ, দ্ৰৌপদীৰ বস্ত্ৰহৰণ ভাওনাখন চাইছে৷ পিছে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামতো মঞ্চস্থ হ’ল গৌতম গম্ভীৰৰ দৰ্পচূৰ্ণ, ৰোহিত শৰ্মাৰ বস্ত্ৰহৰণৰ ভাওনাখন৷
অতিথি দেশ নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্ববিজয়ী ভাৰতৰ যি দুৰ্গতি হ’ল সেয়া জাতীয় লজ্জ্বা বুলি কৈয়েই সামৰি থব নোৱাৰি৷ আচলতে ভাৰতৰ চন্দ্ৰ বিজয় যিমানেই গৌৰৱময়, সিমানেই লজ্জ্বাজনক ঘৰুৱা মাটিত দ্বীপৰাষ্ট্ৰ নিউজিলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ হোৱাইটৱাশ্ব৷
সম্ভৱত: এদিনীয়া বিশ্বকাপত ৰানাৰ-আপ, টি-২০ৰ বিশ্ববিজয়ৰ পিছত দেশীয় ক্ৰিকেটাৰৰ মনোভাৱ হৈ পৰিছিল নৱাজুদ্দিন ছিদ্দিকীৰ সেই বিখ্যাত ডায়লগৰ দৰে- কভী কভী লগতা হ্যে আপুন হী ভগৱান হ্যে৷
শৃংখলাৰ প্ৰথমখন মেচত যেতিয়া ভাৰত হাৰিছিল তেতিয়া ক্ৰিকেটপ্ৰেমী আছিল প্ৰফুল্ল মহন্তৰ প্ৰথমখন চৰকাৰৰ প্ৰতি অসমৰ ৰাইজৰ দৰেই উদাসীন৷ সকলোৱেই ভাবিছিল- ল’ৰাহঁতে এইবাৰহে ভুল কৰিলে! কিন্তু মহন্তই ১৯৯৬তো মুখ্যমন্ত্ৰী হৈ কৰা সৰ্বনাশৰ দৰেই দ্বিতীয় টেষ্টতো ভাৰত পৰাস্ত হ’ল৷ ৪ হাজাৰ দিনৰ পিছত স্বদেশৰ ভূমিত দলে শৃংখলা হেৰুৱালে৷
তথাপি অনুৰাগীৰ মতে পৰাজয় আছিল দুৰ্ঘটনা৷ কিন্তু ক্ৰিকেটীয় ব্যাকৰণত যে বিজয় কেৱল শক্তিৰে উপপাদ্য সেয়াই প্ৰতিপন্ন কৰি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ দ্বীপৰাষ্ট্ৰখনে তৃতীয়খন মেচো জিকি একেবাৰে হোৱাইটৱাশ্বেই কৰি দিলে টীম ইণ্ডিয়াক৷
সিদিনা ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে পাকিস্তানতে ভাষণ দি যেনেকৈ দেশখনকে তুলাধূনা দিছিল সেয়া বহুতৰ বাবে আছিল ঘৰত সোমাই কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে৷ পিছে পাকিস্তানক জয়শংকৰে ঘৰত সোমাই প্ৰহাৰ কৰাৰ দৰেই ৰোহিত, কোহলি আৰু গম্ভীৰৰ টীম ইণ্ডিয়াক নিউজিলেণ্ডে সেই মুম্বাইতে ছাৰ্জিকেল ষ্ট্ৰাইক কৰিলে৷
২৪ বছৰৰ পিছত কলংকৰ অলংকাৰ পিন্ধিলে গম্ভীৰে৷ কাৰণ ভাৰত ক্ৰিকেটৰ ইতিহাসতে ঘৰুৱা মাটিত যোৱা ২৪ বছৰজুৰি হোৱাইটৱাশ্ব হোৱা নাছিল৷ তাহানিতে দক্ষিণ আফ্ৰিকাই ঘৰুৱা মাটিতে ভাৰতক দুখন টেষ্টত হৰুৱাইছিল, কিন্তু এইবাৰ নিউজিলেণ্ডে তিনিখন মেচত পৰাস্ত কৰি খাই দিলে গাথলু ৰোহিত শৰ্মাৰ সন্মান৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email