কেনেকৈ আপুনি হ’ব পাপমুক্ত?

এতিয়া আৰু জীৱনত পাপ কৰিলেও চিন্তাৰ কাৰণ নাই৷ যদি কোনোবাই জ্ঞাত বা অজ্ঞাতসাৰে ভুল কৰিছে তেনেহ’লে ঐশ্বৰিক শাস্তিৰ কথা ভাবিও চিন্তা কৰিব নালাগে৷
পাপমুক্ত হ’বলৈ খৰচ কৰিব লাগে মাত্ৰ ১২ টকা৷ মুঠেই ১২ টকা ব্যয় কৰিলেই আপুনি সমস্ত পাপৰ পৰা মুক্তিৰ প্ৰমাণপত্ৰও লাভ কৰিব৷ অৰ্থাৎ মোচন হ’ব জীৱনৰ সকলো কলংক৷ এই কথাটো ঘোষণা কৰিছে ৰাজস্থানৰ গৌতমেশ্বৰ মহাদেৱ মন্দিৰৰ পৰিচালনা কমিটীয়ে৷
দেৱধামৰ কুণ্ডত ডুব মাৰিলেই মানৱ জীৱনৰ সকলো পাপমোচন হ’ব বুলিও ভক্তক তেওঁলোকে আশ্বাস দিছে৷ অৱশ্যে এই স্নান বিনামূলীয়া নহয়৷
পাপমোচনৰ বাবে কুণ্ডত স্নান কৰি পাপীষ্ঠ মানৱে গৌতমেশ্বৰ মন্দিৰৰ পৰিচালনা কমিটীৰ কাৰ্যালয়লৈ যাব লাগিব৷ য’ত কৰ্তৃপক্ষই প্ৰদান কৰিব পাপমুক্তিৰ চাৰ্টিফিকেট৷
উক্ত প্ৰমাণপত্ৰত মন্দিৰত স্নান কৰি আপুনি পাপমুক্ত হোৱা বুলি উল্লেখ থাকিব৷ মন্দাকিনী কুণ্ডত স্নান কৰিলে জীৱ হত্যা অথবা অসবৰ্ণ বিবাহ আদিৰ পাপৰ পৰাও সকলোৱে মুক্তি পোৱাৰ প্ৰমাণপত্ৰ দিব বুলি ঘোষণা কৰিছে কৰ্তৃপক্ষই৷
ৰাজস্থানৰ প্ৰতাপগড় জিলাৰ এই মন্দিৰটোৰ আছে চহকী ঐতিহ্য৷ গতিকে গৌতমেশ্বৰ ধামলৈ সদায়ে ভক্তৰ সোঁত বয়৷ মন্দিৰটো পুৰাতত্ত্ব বিভাগৰো অধীনস্থ৷ যাৰ অন্ত:ভাগেৰে মন্দাকিনী নৈ বৈ গৈছে বুলিও জনবিশ্বাস প্ৰচলিত হৈ আছে৷
কিন্তু পৱিত্ৰ ধৰ্মস্থানত কৰ্তৃপক্ষই আৰম্ভ কৰিছে বহুৱালি৷ তেওঁলোকে ১২ টকাৰ বিনিময়ত পঞ্চায়তৰ মোহৰ মৰা চাৰ্টিফিকেট দি ধৰ্মকে কলুষিত কৰিছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email