ছুপাৰষ্টাৰ ছলমান খানৰ নিদ্ৰাহৰণ কৰিছে লৰেন্স বিষ্ণয়ে৷ গুজৰাটৰ সবৰমতী কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী গেংষ্টাৰৰ বিৰুদ্ধে ৰুজু হৈ আছে শতাধিক গোচৰ৷ গায়ক সিদ্ধু মুছেৱালাৰ পৰা সৗসিদিনাৰ বাবা ছিদ্দিকীৰ হত্যাকাণ্ডলৈ বহু অপৰাধতে নাম সাঙোৰ খাই পৰিছে লৰেন্স বিষ্ণয়ৰ৷
পিছে বিষ্ণয় সমাজত মহানায়ক হৈ পৰিছে লৰেন্স৷ বিষ্ণয় সমাজৰ নিয়মৰ বাহক হিচাপে তেওঁক বহুতে দিছে স্বীকৃতি৷ গতিকে কাৰাৰুদ্ধ লৰেন্সক অখিল ভাৰতীয় জীৱ ৰক্ষা বিষ্ণয় সভাৰ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে৷
বহুল প্ৰচাৰিত এখন জাননী অনসৰি তেওঁক নিয়োগ প্ৰদান কৰিছে অখিল ভাৰতীয় জীৱ ৰক্ষা বিষ্ণয় সভাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ইন্দ্ৰপাল বিষ্ণয়ে৷ পত্ৰখনত তেওঁক নিযুক্তি প্ৰদানৰ উপৰি পূৰ্ণ নিষ্ঠাৰে দায়িত্ব পালন কৰিব বুলিও ইন্দ্ৰপালে আশা প্ৰকাশ কৰিছে৷
পিছে কাৰাৰুদ্ধ বন্দীক এনেদৰে সামাজিক অনুষ্ঠানৰ দায়িত্ব প্ৰদান আশ্বৰ্যকৰ বিষয় হিচাপেই পৰিগণিত হৈছে৷ জীৱ ৰক্ষা সভাৰ দায়িত্বপ্ৰাপ্ত লৰেন্স কিন্তু মৃগ হত্যাৰ প্ৰসংগতে ছলমান খানৰ শত্ৰু হৈ পৰিছিল৷
হাম সাথ সাথ হ্যে নামৰ চিনেমাৰ শ্বুটিঙৰ সময়ত ছলমানে বিষ্ণয় সমাজৰ পূজ্য কৃষ্ণসাৰ মৃগ হত্যা কৰিছিল বুলি আদালততো ইতিমধ্যে প্ৰমাণিত হৈছে৷ পিছে তথাপি ছলমানক প্ৰাণে মাৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হৈ আছে লৰেন্স৷ কাৰাগাৰৰ পৰা ৭০০ শ্বুটাৰক পৰিচালনা কৰি নিজৰ সপোন পূৰ্ণ কৰিবলৈ লৰেন্সে চলাইছে চেষ্টা৷