ঝাৰখণ্ডত ঢপলিয়াই ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই৷ এক মিনিটো আহৰি পোৱা নাই, ইফালৰ পৰি সিফাললৈ দৌৰিছে অসমৰ মুখ্যমন্ত্ৰী৷
টিকট বঞ্চিত বিজেপি নেতাৰ বিসম্বাদ নিৰ্মূল কৰিবলৈ সক্ৰিয় হৈ আছে হিমন্ত বিশ্ব শৰ্মা৷ অপাৰেশ্যন বাগি ক্লীন দ্ৰুতগতিত চলাই তেওঁ আকৗ উপস্থিত হৈছে দলত্যাগ কৰা নেতাৰ ঘৰত৷
এইবাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে চাহ খাইছেগৈ ঝাৰখণ্ডৰ সত্যানন্দ ঝা বেতুলৰ ঘৰত৷ নালা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব নাপাই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাক্তন মন্ত্ৰীজনক বুজনি দিছে হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজ্যখনত বিজেপিৰ সহ:প্ৰভাৰী হিচাপে তেওঁ পুৱাই জামতাৰ জিলাত থকা নেতাজনৰ ঘৰত উপস্থিত হৈছেগৈ৷
আনহাতে জামতাৰা সমষ্টিতো সীতা ছোৰেনক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবীত বিদ্ৰোহ আৰম্ভ হৈছে৷ তেওঁলোককো বুজনি দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে৷ আন এটা সমষ্টিতো বিসম্বাদ আৰম্ভ কৰা বীৰেন্দ্ৰ মণ্ডলৰ ঘৰতো প্ৰায় এঘণ্টা অতিবাহিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷
তেওঁৰ বুজনিতে বীৰেন্দ্ৰ মণ্ডলে মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে৷ আনহাতে এইবাৰ ঝাৰখণ্ডৰ জে এম এমৰ চৰকাৰক বাণ্টি-বাবলীৰ চৰকাৰ বুলি ঠাট্টা কৰিছে শৰ্মাই৷ নিৰ্বাচনী সভাত তেওঁ কয় যে পুনৰ হেমন্ত ছোৰেন মুখ্যমন্ত্ৰী হ’লে থলুৱা জনতাৰ সৰ্বনাশ হ’ব৷ ঝাৰখণ্ডৰ পৰিস্থিতি অসমতকৈয়ো ভয়াৱহ বুলি অভিহিত কৰি শৰ্মাই পুনৰাই উত্থাপন কৰিছে বাংলাদেশীৰ অনুপ্ৰৱেশৰ প্ৰসংগ৷ বিজেপি চৰকাৰ গঠিত হ’লে পদ্ধতিগত সলনিৰো প্ৰতিশ্ৰুতি তেওঁ প্ৰদান কৰিছে৷
কিন্তু তেওঁ এটা সমষ্টিৰ নামো সলনি কৰাৰ প্ৰতিশ্ৰুতি দিছে জনতাক৷ ঝাৰখণ্ডৰ হুছেইনাবাদ সমষ্টিৰ নাম বিজেপিয়ে সলনি কৰিব বুলিও শৰ্মাই ঘোষণা কৰিছে৷ ইছলামিক প্ৰভাৱ থকা সকলো নাম পৰিৱৰ্তন কৰা হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে শৰ্মাই৷ কিন্তু তেওঁৰ এই মন্তব্য সাম্প্ৰদায়িক বুলি অভিহিত কৰি গোচৰ তৰিছে কুশৱাহা শিৱপূজন মেহতা নামৰ নেতাজনে৷