অখিল গগৈৰ কি হ’ল
মাত-বোল নোহোৱা হ’ল যে!
কেইদিনমান পূৰ্বে এজন বয়োজ্যেষ্ঠই দুখ প্ৰকাশ কৰিছিল৷ তেওঁ অসুস্থতাৰ বাবে অসমৰ বাহিৰত আছে৷ পিছে ঘৰত স্মাৰ্ট মিটাৰত কৰি থৈ যোৱা ৰিচাৰ্জ নিজে নিজে নোহোৱা হৈ গৈ আছে৷
লাইট বন্ধ হৈ আছে যদিও পইচা কাটি আছে বিদ্যুৎ বিভাগে৷
এইখিনিতে অখিল গগৈৰ নীৰৱতাক লৈ প্ৰশ্নৰ উদ্ৰেক হৈছে৷ কাৰণ বিধানসভাৰ বিগত অধিৱেশনৰ সময়ত অখিল গগৈ স্মাৰ্ট মিটাৰক লৈ সৰৱ হৈ পৰিছিল৷ বিধানসভাতো তেওঁ মিটাৰসহ প্ৰৱেশ কৰিছিল৷
তেতিয়া তেওঁৰ ঘৰত শক্তি বিভাগে স্থাপন কৰিছিল দুটাকৈ মিটাৰ৷ এটা স্মাৰ্ট আৰু আন এটা মেনুৱেল মিটাৰ APDCLয়ে সংস্থাপন কৰিছিল৷ গতিকে পৰৱৰ্তী সময়ত দুয়োটা মিটাৰৰ মাচুলৰ তুলনা কৰা হ’ব বুলিও প্ৰকাশ কৰিছিল বিধায়কজনে৷
পিছে বহুদিন পাৰ হৈ গ’ল যদিও এই বিষয়ত নিশ্চুপ হৈ থাকিল অখিল গগৈ৷ স্মাৰ্ট মিটাৰ বিৰোধী সংগ্ৰামো লাহে লাহে চেঁচা পৰি আহিল৷ নিতাল মাৰিলে জনতাই৷ গতিকে অখিল গগৈয়েও নীৰৱ হৈ পৰিল৷
এতিয়া আমাক লাগে অখিল গগৈৰ ঘৰত লগোৱা দুয়োটা মিটাৰৰ মাচুলৰ সবিশেষ৷ গতিকে মুখ খুলিব লাগে অখিলে৷