আফগান মহিলাই এতিয়াৰ পৰা ক’ব নোৱাৰিব কথা৷
দানৱীয় পদ্ধতিৰে আফগানিস্তান শাসন কৰা তালিবানে বিশ্বক বৃদ্ধাংগুষ্ঠ কৰি পাঠান মহিলাৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে৷ স্ব-সৃষ্ট ইছলামিক বিধি আফগানিস্তানত প্ৰৱৰ্তন কৰা মৗলবাদীয়ে কাঢ়ি লৈছে নাৰীকুলৰ কথা কোৱাৰ অধিকাৰ৷
তালিবানে কাৰ্যকৰী কৰা নতুন নীতি অনুসৰি আনে শুনাকৈ মহিলাই কথা ক’ব নোৱাৰিব৷ নৈতিকতা দপ্তৰৰ মন্ত্ৰী খালিদ হানাফিয়ে জাৰি কৰিছে এই অদ্ভুত নিৰ্দেশনা৷ তদানুসৰি এতিয়াৰ পৰা আফগানিস্তানৰ মহিলাই আনৰ উপস্থিতিত ডাঙৰকৈ শব্দ কৰি প্ৰাৰ্থনাও কৰিব নোৱাৰিব৷ অৰ্থাৎ কাষত থিয় হৈ থকাজনেও শুনাকৈ প্ৰাৰ্থনা কৰাত আফগান নাৰীকুলক বাধা দিয়া হৈছে৷
কোৰান পাঠ কৰিলেও মুখৰ ভিতৰতে গুণগুণাই থাকিব লাগিব দেশখনৰ মহিলাই৷ একেটা নিৰ্দেশনাতে মহিলা স্বাস্থ্যকৰ্মীকো কঠোৰ হুকুম দিছে তালিবানে৷ নতুন নিৰ্দেশমৰ্মে কোনো মহিলা স্বাস্থ্যকৰ্মীয়ে ৰুগীয়া নাৰীৰ স্বামী বা আত্মীয়ৰ সৈতে মুখামুখি হ’ব নোৱাৰিব৷
বেমাৰৰ কথাও অসুস্থ মহিলাকে তেওঁলোকে জনাব লাগিব৷ এতিয়াৰ পৰা ইছলামিক প্ৰাৰ্থনা কৰাৰ পৰাও তালিবানে মহিলাসকলক বাৰণ কৰিছে৷ নিৰ্দেশ অনুসৰি যদি প্ৰাৰ্থনাৰ সময়ত কোনো পুৰুষ কাষেৰে পাৰ হৈ যায় তেন্তে মহিলাসকল তুৰন্তে নীৰৱ হৈ যাব লাগিব৷
তালিবানৰ মতে মহিলাৰ মুখৰ মাত শুনাটো হৈছে পাপ৷ গতিকে এই নিৰ্দেশ জাৰি কৰা হৈছে৷ নিৰ্দেশ অমান্য কৰাসকলৰ মৃত্যুদণ্ডও তালিবানে নিশ্চিত কৰিছে৷