এইবাৰ RCBয়েই চেম্পিয়ন

এইবাৰ ট্ৰফী জিকিবই RCBয়ে৷ বিৰাট কোহলি আহি গৈছে, গতিকে এইবাৰ RCBয়েই হ’ব চেম্পিয়ন৷
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ ফেনসকলক ভাল খবৰ দিছে কৰ্তৃপক্ষই৷ তদানুসৰি তিনিবছৰৰ পিছত আকৌ দলটোৰ কেপ্টেইন হিচাপে অধিষ্ঠিত হৈছে বিৰাট কোহলি৷
বৰ্তমান ফৰ্মৰ সৈতে যুঁজি থাকিলেও কোহলিৰ ওপৰত RCBৰ আছে অনন্ত আস্থা৷ গতিকে ডু প্লেচিছৰ সলনি তেওঁকে প্ৰদান কৰা হৈছে নেতৃত্ব৷
কালিপৰ্যন্ত কোহলি দলৰ অধিনায়ক হ’বনে নহয় তাকে লৈ অনিশ্চয়তা অব্যাহত আছিল৷ অৱশ্যে আগন্তুক নৱেম্বৰৰ মেগা নিলামৰ পিছতহে মেনেজমেণ্টে গ্ৰহণ কৰিব সিদ্ধান্ত৷ কিন্তু বৰ্তমান কোহলি আকৌ কেপ্টেইন হোৱাটোৱেই হৈ পৰিছে অৱধাৰিত৷
একেটা দলৰ হৈয়েই আম্ভণিৰ পৰা এতিয়ালৈ IPL খেলি থকা কোহলি ২০১৩ চনৰ ৮ বছৰ RCBৰ কেপ্টেইন আছিল৷
কিন্তু ২০২১ চনত তেওঁ অধিনায়কত্ব ত্যাগ কৰে৷ তাৰ পিছতে দলটোক নেতৃত্ব দিছিল ফাফ ডু প্লেছিছে৷ কিন্তু ডু প্লেছিছ বৰ্তমান ৪০ বছৰীয়া৷ গতিকে তেওঁৰ আগৰ শক্তি নাই৷ RCBয়েও তেওঁক সম্ভৱতঃ ৰিটেইন নকৰে৷
গতিকে বিৰাটেই আকৌ কেপ্টেইন হোৱাটো খাটাং হৈছে৷ বিৰাটৰ নেতৃত্বত RCB কেৱল ২০১৬ চনত IPLত ৰানাৰ্ছআপ হৈছিল৷
কোহলিয়ে ১৪৩ খন মেচত দলক নেতৃত্ব প্ৰদান কৰিছিল৷ ইয়াৰে ৬৬ খন খেলত জয়ী আৰু ৭০খন মেচত পৰাস্ত হৈছিল৷ আনহাতে ডু প্লেছিছৰ নেতৃত্বত RCBয়ে ২০২২ আৰু ২০২৪ চনত প্লে’-অফত প্ৰৱেশ কৰিছিল৷ কিন্তু গতবৰ্ষত প্লে’-অফত প্ৰৱেশত বিফল হৈছিল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email