একালত দিছপুৰৰ কোৱাৰ্টাৰৰ লেট্ৰিনৰ কাষতো নিৰাপত্তাৰক্ষী থিয় কৰাই ৰাখিছিল প্ৰফুল্ল মহন্তই৷ আলফাৰ ভয়ত তেওঁ অকলে শৌচাগাৰলৈ যাবলৈয়ো ভয় কৰা হৈছিল৷ বৰ্তমান সেই একেটা দশাই হৈছে ছলমান খানৰ৷
জে’লত আছে লৰেন্স বিষ্ণয়৷ পিছে মুক্ত হৈ থাকিও শান্তি নোহোৱা হৈছে ছলমান খানৰ৷ চিনেমাৰ শ্বুটিং বন্ধ কৰি ৱাই কেটেগৰিৰ নিৰাপত্তাৰ মাজত থাকিও ছলমানৰ টোপনি নোহোৱা হৈছে৷ বাবা ছিদ্দিকীৰ হত্যাৰ পিছৰে পৰা এদিনো শোৱা নাই ছলমান খান৷
বডীগাৰ্ড নামৰ চিনেমাখনত ছলমান খানে অভিনয় কৰিছিল বডীগাৰ্ডৰ ভূমিকাত৷ কিন্তু বাস্তৱত তেওঁক দৰকাৰ হৈছে বডীগাৰ্ডৰ৷
কেবানিশাও উজাগৰী ৰাত্ৰি কটোৱা ছলমানক ২৪ ঘণ্টাই আগুৰি ধৰি আছে নিৰাপত্তাৰক্ষীয়ে৷ কিন্তু আকৌ লৰেন্স বিষ্ণয় গেঙে ভাবুকি দিছে ছলমানক৷
এইবাৰ অভিনেতাজনক দুই কোটি টকা দাবী কৰিছে দুৰ্বৃত্তই৷ মুম্বাইৰ ট্ৰেফিক কণ্ট্ৰ’ল ৰূমেও লাভ কৰিছে ধনদাবীৰ এটা মেছেজ৷ ছলমান খানে ২ কোটি টকা পৰিশোধ নকৰিলে পৰিণাম ভয়ংকৰ হ’ব বুলিও ভাবুকি দিছে অজ্ঞাত দুৰ্বৃত্তই৷ ইফালে অনবৰতে ছলমানক হত্যাৰ কথা দোহাৰিয়েই আছে লৰেন্স বিষ্ণয় গেঙৰ শ্বাৰ্প শ্বুটাৰে৷
বলীউডত অত্যন্ত সাহসী বুলি পৰিচিত ছলমানৰ অৱস্থা নোহোৱা কৰিছে বিষ্ণয় গেঙে৷ গুজৰাটৰ সবৰমতী জে’লৰ পৰাই ছলমান খানক শুবলৈ দিয়া নাই লৰেন্স বিষ্ণয়ে৷
প্ৰতিনিশাই তেওঁ ফোন কৰিছে নিহত NCP নেতা বাবা ছিদ্দিকীৰ পুত্ৰ জিছানলৈ৷ কথা পাতি পাতিয়েই ছলমানে নিশা পাৰ কৰিছে৷ কিন্তু সৰুপানী চুবলৈয়ো অকলে যাব নোৱাৰা হৈছে ছলমান৷