চৰকাৰে ৰাতিয়েই কাটিব নেকি গছ!

সৰ্পিল ফ্লাইঅভাৰ সাজিবলৈ দীঘলী পাৰৰ গছ কাটিবলৈ চৰকাৰৰ অধিকাৰেই নাই৷ হয়, অসম চৰকাৰৰ দীঘলী পুখুৰীৰ পাৰৰ গছবোৰ কটাৰ নৈতিক অধিকাৰ নাই৷ কিয়নো সেই গছবোৰ কোনো ভাৰতীয় শাসকে ৰোৱা নাছিল৷
দীঘলী পুখুৰীৰ পাৰৰ উপৰি সেই অঞ্চলটোত বিশাল ৰূপ লোৱা গছবোৰ ৰুইছিল তাহানিৰ ব্ৰিটিছ চাহাবে৷ ব্ৰিটিছ শাসনকালৰ অসম উপত্যকাৰ কমিশ্যনাৰ AHW বেণ্টিংকে গছবোৰ ৰুইছিল৷ তেওঁক গছ ৰোৱাত সহায় কৰিছিল যোৰপুখুৰীৰ নবীন চৌধুৰীয়ে৷
বেণ্টিংক চাহাব আৰু নবীন চৌধুৰীয়ে সদায় পুৱা পুলিবোৰৰ তদাৰক কৰিছিল৷ তেওঁলোকৰ সৈতে পুলি কঢ়িয়াইছিল ফ’ৰ্থগ্ৰেডৰ দুজন কৰ্মচাৰীয়ে৷
তেওঁলোকে পুলিবোৰত সদায় পানী দিছিল৷ মৰা পুলি আঁতৰাই আকৌ নতুনকৈ ৰুইছিল৷ সেই সময়ত বেণ্টিংক চাহাবে গছৰ ডাল কটাও নিষিদ্ধ কৰিছিল৷ কোনোবাই ডাল কাটিলেও শাস্তি দিছিল বেণ্টিংক চাহাবে৷
তদুপৰি আগৰে পৰা আছিল আহোম ৰাজত্বকালত ৰোৱা কেইজোপামান গছ৷ সেইবোৰ গছেই বৰ্তমান ফ্লাইঅভাৰৰ জহত চৰকাৰে কাটিবলৈ ওলাইছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email