সোণ কিনিবলৈ ধন নাই
গতিকে যিমান পাৰে ঝাৰু, নিমখ আৰু ধনীয়া গুটি কিনিলে ৰাইজে
গুৱাহাটীৰ বেলতলাৰ এখন সাধাৰণ দোকানতে বিক্ৰী হৈছে ৩৮ হাজাৰ টকাৰ ঝাৰু৷ পিছে সুখপ্ৰদভাৱে ধনতেৰছত ধন ঘটাৰ সুযোগ লাভ কৰিলে বড়ো আৰু চাহ জনজাতিৰ লোকসকলে৷
বৰ্তমান অসমত ঘৰুৱাভাৱে ঝাৰুখেতি কৰি আছে বড়ো লোকসকলে৷ তেওঁলোকে ঘৰে ঘৰে ঝাৰুগছ ৰোপণ কৰে৷ একেদৰে চাহ শ্ৰমিকসকলেও বাগিচাৰ ওখ মাটিত ঝাৰুগছ ৰুই দুপইচা উপাৰ্জন কৰিছে৷
আমি আজি লাভ কৰা খবৰ অনুসৰি যোৰহাটৰ দৈনিক বজাৰত বিক্ৰী হৈছে ৪১ হাজাৰ টকাৰ ঝাৰু৷ গোলাঘাটতো ঝাৰুৰ বজাৰ আজি ভাল৷ প্ৰায় ১৯ হাজাৰ টকাৰ ঝাৰু এঘণ্টাতে বিক্ৰী হৈছে৷
বাগছাত ঘৰৰ ঝাৰুগছ বজাৰত বেচি বড়ো মহিলাসকলে কিছু ধন উপাৰ্জন কৰিছে৷ শোণিতপুৰত বড়ো আৰু চাহ জনজাতিৰ মহিলাই বজাৰলৈ উলিয়াইছে ঝাৰু৷
ধনতেৰছত সোণৰ সলনি ঝাৰু কিনিলেও লক্ষ্মীদেৱী সন্তুষ্ট হয় বুলি থকা প্ৰচলিত বিশ্বাসৰ আধাৰত বহুতে ঝাৰু ক্ৰয় কৰিছে৷ ধনতেৰাছৰ বাবেই বাঢ়িছে নিমখৰো বিক্ৰী৷