জয়া বচ্চনেই লগাইছে গণ্ডগোল

বহুত হ’ল, আৰু এনেকৈ থাকিব নোৱাৰি
এতিয়া এনেদৰেই ভাবিছে ঐশ্বৰ্য ৰায়ে৷ সেয়ে তেওঁ মনস্থ কৰিছে গ্ৰে’ ডিভ’ৰ্চৰ৷ অভিষেক ৰায়ৰ সৈতে বিশ্বসুন্দৰী ঐশ্বৰ্যই গ্ৰে’ বিচ্ছেদ কৰিব বুলি নিশ্চিত কৰিছে বন্ধুমহলে৷
সংসাৰৰ অন্ত পৰাৰ অন্তহীন চৰ্চাৰ সময়ত ঐশ্বৰ্য আৰু অভিষেকে ঘৰ ক্ৰয় কৰিছিল৷ তেতিয়া দুয়োৰে সাংসাৰিক কন্দলৰ ওৰ পৰা বুলিয়েই সকলোৱে গণ্য কৰিছিল৷ পিছে ভবামতেই ঘটনাবোৰ নহ’ল৷
দুয়ো বৰ্তমান বিদেশৰ দৰেই গ্ৰে’ ডিভ’ৰ্চৰ সিদ্ধান্ত লোৱা বুলিহে শেষত বন্ধুমহলে প্ৰকাশ কৰিলে৷ সচৰাচৰ ৫০ বছৰতকৈ অধিক বয়সত স্বামী-স্ত্ৰীৰ বিচ্ছেদ ঘটিলে বিদেশত গ্ৰে’ ডিভ’ৰ্চ বুলি কোৱা হয়৷ যিহেতু ৫০ বছৰ বয়সৰ পিছত চুলিত মুগা ৰং ধৰে সেয়ে বিচ্ছেদকো একেটা ৰঙেৰে চিহ্নিত কৰা হয়৷
বৰ্তমান বিশ্বসুন্দৰী ঐশ্বৰ্যও একে পথৰে পথিক বুলি ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে৷ তেওঁলোকৰ মতে কিন্তু যত কূটৰ ঘাই হৈছে অভিষেকৰ মাতৃ জয়া বচ্চন৷
তেওঁৰ মদগৰ্বী স্বাভাৱৰ বাবে অভিষেক আৰু ঐশ্বৰ্যৰ সংসাৰত আহুকালৰ সৃষ্টি হৈছে৷ সেয়ে পত্নীৰ বাবে পৃথক সম্পত্তি ক্ৰয় কৰিবলৈ বাধ্য হৈছে অভিষেক৷ গ্ৰে’ ডিভ’ৰ্চো হৈ পৰিছে অনিবাৰ্য৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email