খঙাল গম্ভীৰৰ বস্ত্ৰহৰণ

আচলতে ক্ৰিকেটৰ তুলনাত ৰাজনীতি একোৱেই নহয়৷ ক্ৰিকেট যিমান কঠিন, ৰাজনীতি সিমানেই সহজ৷
হয়, ভাৰতীয় ৰাজনীতি ভঙা-পতা যুঁজ৷ অহৰহ ক্ষমতাৰ আবেষ্টনীতে আবদ্ধ হৈ থকা নেতাই ভাবিব লাগে অস্তিত্বৰ কথা৷ সামান্য ভুল হ’লেই সৃষ্টি হ’ব পাৰে নিজৰ অস্তিত্বৰ প্ৰতি সংকট৷ পিছে তথাপি ক্ৰিকেট ৰাজনীতিকৈয়ো কঠিন৷
ক্ৰিকেটৰ পিটচে যিকোনো মুহূৰ্ততে ৰূপ সলনি কৰিব পাৰে৷ স্পীন সহায়ক ক্ৰীজ পিছবেলালৈ হৈ পৰে বাউন্সী৷ পিছে ভাৰতীয় ৰাজনীতিৰ ৰেহৰূপো ইমান সোনকালে সলনি নহয়৷ ভোটাৰৰ মন ভুলোৱাটো সহজ, পিছে বিপক্ষৰ বলাৰৰ বিষাক্ত বাম্পাৰ বাউণ্ডেৰীলৈ ঠেলি দিয়াটো কষ্টকৰ৷
এই সামান্য কথাটোৱেই পিছে গৌতম গম্ভীৰে নুবুজিলে৷ ক্ৰিকেট ৰাজনীতিতকৈ সহজ বুলি ভাবি নিজৰ বৰ্ণময় কেৰিয়াৰত তেওঁ লগাই ল’লে ব্যৰ্থতাৰ কলংক৷ ফলত ৪ হাজাৰ দিনৰ পিছত ঘৰৰ মাটিতে নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হ’ল গম্ভীৰৰ অধীনস্থ টীম ইণ্ডিয়া৷ সাংসদ হোৱাৰ পিছতো ৰাজনীতিৰ লোভনীয় পদ পৰিত্যাগ কৰি গৌতম গম্ভীৰ নামৰ ধীৰ-সুস্থিৰ, মেজাজী লোকজনে গ্ৰহণ কৰিছিল টীম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ গুৰুদায়িত্ব৷
কেৰিয়াৰত অপেনাৰ হিচাপে অলেখ কৃতিত্ব অৰ্জন কৰা গম্ভীৰৰ নাম ৰেকৰ্ডবুকতো কেবাবাৰো উল্লেখ আছে৷ তদুপৰি পেছাদাৰী লীগতো প্ৰশিক্ষক হিচাপে সফল হৈছিল গম্ভীৰ৷ পিছে ৰেকৰ্ডছ ফৰ ৰেকৰ্ডবুক অনলী৷ এতেকে দায়িত্ব গ্ৰহণৰ পিছতে কামাখ্যাধাম দৰ্শনৰ পিছতো ব্যৰ্থতাৰ কলংকই কলংকিত কৰিলে গম্ভীৰক৷ টীম ইণ্ডিয়াক লগ লৈ তেওঁ প্ৰথমে গৈছিল শ্ৰীলংকালৈ৷
য’ত এদিনীয়া শৃংখলাত দল গোপাত-পাতকৈ হাৰিল৷ তাৰ পিছতে ঘৰুৱা শৃংখলাত নিউজিলেণ্ডে হৰুৱালে বিশ্বশ্ৰেষ্ঠ বেটিংক্ৰমৰ টীম ইণ্ডিয়াক৷ তাৰকাখচিত বেটিংক্ৰম কিৱি বলাৰৰ বিষাক্ত পেচত বিধ্বস্ত হৈ গ’ল৷ সকলোৱে ভাবিছিল, হেডছাৰ গম্ভীৰৰ ৰণনীতি অৰ্জুনৰ শৰৰ দৰেই নিৰ্ভুল৷ পিছে কৰ্ণৰ দৰে শাপভ্ৰষ্ট হৈ গম্ভীৰে পিন্ধিলে কলংকৰ বসন৷
১৮টা শৃংখলাৰ পিছত ঘৰুৱা মাটিতে ভাৰত হাৰিল৷ সহজ ভাষাত গম্ভীৰৰ দলক ঘৰতে সোমাই প্ৰহাৰ কৰিলে কিৱি বাহিনীয়ে৷ দুবছৰ আগতে যিদৰে আই পি এলত বিৰাট কোহলিক গম্ভীৰে খেদি গৈছিল, সেইদৰে তেওঁ উভতি ধৰিব নোৱাৰিলে নিউজিলেণ্ডক৷ মুঠতে গম্ভীৰ হ’ল বিফল৷ কৌৰৱৰূপী নিউজিলেণ্ডে বস্ত্ৰহৰণ কৰিলে গম্ভীৰৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email