শুনিবলৈয়ো হাঁহি উঠা কথা৷ পিছে তেনে এটা কথাৰ ভিত্তিতে ভূ-পদাৰ্থ বিজ্ঞান বিভাগটোৱেই বন্ধ কৰি দিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে৷
কৰ্তৃপক্ষই বিভাগটো বন্ধ কৰি থোৱাৰ কাৰণটো হৈছে শ্ৰেণীকক্ষৰ অভাৱ৷ তদুপৰি শিক্ষকৰ অভাৱৰ বাবেও বিশ্ববিদ্যালয়ত জিঅ’-ফিজিক্সৰ পাঠদান সম্ভৱ নহয় বুলি কৰ্তৃপক্ষই ঘোষণা কৰিছে৷
আমি লাভ কৰা খবৰ অনুসৰি মৰ্যাদাপূৰ্ণ জিঅ’-ফিজিক্স বিভাগ বিশ্ববিদ্যালয় প্ৰশাসনে বহুদিন আগৰে পৰা বন্ধ কৰি থৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ কোনো এখন চৰকাৰী বিশ্ববিদ্যালয়তে নথকা বিভাগটোত নামভৰ্তি ৰহস্যজনকভাৱে বন্ধ কৰি থোৱা হৈছে৷
শিক্ষাৰ্থীৰ প্ৰতিবাদসত্ত্বেও কৰ্তৃপক্ষই বিভাগটো মুকলি কৰা নাই৷ আনহাতে বিশেষজ্ঞতাৰ ভিত্তিত বৰ্তমান বিভাগটোৰ ডিগ্ৰীধাৰীৰ চাকৰিৰ বজাৰতো চাহিদা আছে৷ জিঅ’-ফিজিক্সৰ প্ৰতিজন ডিগ্ৰীধাৰীৰ বাবে নিশ্চিত হৈ আছে চাকৰি৷
তথাপি শ্ৰেণীকোঠা আৰু শিক্ষকৰ অভাৱৰ হাস্যকৰ অজুহাত প্ৰদৰ্শন কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বন্ধ কৰি থৈছে বিভাগটো৷ পিছে এটা গোপন কাৰণতহে যে কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়াও নিশ্চিত হৈছে৷ বিশ্ববিদ্যালয় প্ৰশাসনৰ সিদ্ধান্তৰ সৈতে হাত উজান দিছে একাংশ ধোদ অধ্যাপকে৷