অসমত যে কি কি নহয়…

একুৰা জুইৰ সৈতে আকাশলৈ উৰি যাব চুমি বৰা৷ থিতাতে কিন্তু আকৌ তলত পৰিব৷
এয়াই হৈছে বৰপেটীয়াৰ নতুন আৱিষ্কাৰ চুমি ৰকেট
দীপাৱলীৰ বাবে বৰপেটাৰ আতচবাজী কাৰখানাত তৈয়াৰ কৰা হৈছে চুমি বোমা৷ এই বোমাটো অৱশ্যে আনবোৰ ৰকেটৰ দৰে নহয়৷
শীঘ্ৰে ধনী হোৱাৰ হাবিয়াস কৰিলে কেনেকৈ পতন ঘটে সেয়াহে চুমি বোমাৰ জৰিয়তে প্ৰদৰ্শন কৰা হৈছে৷ গতিকে চুমি ৰকেট আন ৰকেটৰ তুলনাত শীঘ্ৰে আকাশলৈ উৰিব৷ পিছে থিতাতে নামিও আহিব৷
বৰপেটাত উৎপাদন কৰা চুমি ৰকেটৰ দাম হ’ব ৬০ টকাহে৷ যিহেতু তেনেই কম সময়হে চুমি ৰকেট জ্বলিব সেয়ে দামো কমাই নিৰ্ধাৰণ কৰা হৈছে৷ অৱশ্যে আকাশলৈ উৰিলেও চুমি ৰকেট তলতহে বিস্ফোৰিত হ’ব৷
আনহাতে চুমি চকৰী বোমাও তৈয়াৰ কৰা হৈছে বৰপেটাত৷ য’ত জ্বলোৱাৰ লগে লগে হ’ব অদ্ভুত শব্দ৷
বৰপেটাৰ আতচবাজী উৎপাদনকাৰীয়ে এইবাৰ বিশাল বোমাও তৈয়াৰ কৰিছে৷ গতিকে দীপাৱলীতে আপোনালোকে জ্বলাব পাৰিব চুমি আৰু বিশাল বোমা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email