বেচেৰা মন্ত্ৰীয়ে নাজানে৷ ক’ত, কি পিন্ধে সেইটো তেওঁ সঁচাকৈ নাজানে৷ সেয়ে গণ্ডগোল লাগিল৷ আনে ভৰিত পিন্ধা কাপোৰখন মন্ত্ৰীয়ে মূৰত পিন্ধিলে৷ জোতা ক’ভাৰটো মূৰত মেৰিয়াই ল’লে বিহাৰৰ মন্ত্ৰী মংগল পাণ্ডেই৷
আচলতে বিহাৰৰ স্বাস্থ্যমন্ত্ৰীজনে অলপতে পৰিদৰ্শন কৰিছিল বেগুচৰাই জিলাৰ সদৰ হস্পিতাল৷ চিভিলখনৰ এটা নিৰ্মীয়মান আই চি ইউ ভ্ৰমণৰ সময়ত মংগল পাণ্ডে নামৰ মন্ত্ৰীজনে পৰিদৰ্শন কৰিছিল৷
আই চি ইউটোৰ অৱস্থা স্বাস্থ্যমন্ত্ৰী পাণ্ডেই পৰ্যৱেক্ষণ কৰিছিল৷ পিছে তেতিয়াই তেওঁৰ মূৰত দেখা গ’ল এটা শ্বু ক’ভাৰ৷ সচৰাচৰ ৰোগী থকা আই চি ইউত প্ৰৱেশৰ সময়ত দৰ্শনাৰ্থীয়ে জোতাত সুমুৱাই লয় সেইটো মূৰত পিন্ধি ল’লে বিহাৰৰ মন্ত্ৰীয়ে৷
ইনফেকশ্যন ৰোধ কৰিবলৈ আৰু আই চি ইউত ধূলি নোসোমাবলৈ আচলতে আই চি ইউত সকলোৰে প্ৰৱেশৰ সময়ত শ্বু ক’ভাৰ বাধ্যতামূলক কৰা হয়৷ কিন্তু সেই কথাটোও নাজানে বিহাৰী মন্ত্ৰীয়ে৷ সেয়ে বিহাৰী মন্ত্ৰীয়ে ভৰিৰ সলনি মূৰতে সুমুৱাই ল’লে শ্বু ক’ভাৰ৷