সুস্থ হোৱাৰ পিছতো ৰিয়ানৰ আঘাতৰ অজুহাত

ছল-চক্ৰান্তৰে ৰিয়ান পৰাগক খেদিলে৷
অৱশেষত আমি কোৱা কথাটোৱেই সত্য প্ৰমাণিত হ’ল৷
আঘাতৰ অজুহাতেৰে ৰিয়ান পৰাগক টীম ইণ্ডিয়াৰ পৰা উলিয়াই দিলে নিৰ্বাচকে৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ঘোষিত দলত অসৰ ৰিয়ানে স্থান লাভ নকৰিলে৷
নিৰ্বাচকৰ মতে ৰিয়ান পৰাগ অসুস্থ৷ আঘাতৰ বাবে তেওঁ খেলিব পৰা অৱস্থাত নাই৷ কিন্তু সমৰ্থিত সূত্ৰই প্ৰকাশ কৰা মতে ৰিয়ান সম্পূৰ্ণ আঘাতমুক্ত৷
থৈয়দ মুস্তাক আলি টুৰ্নামেণ্টৰ সময়তে বাহুত আঘাত পাইছিল ৰিয়ানে৷ আঘাতৰ বাবে ৰিয়ানে বহুদিন বলিং কৰা নাছিল৷ যোৱা আই পি এলৰ সময়তো বাহুৰ আঘাতৰ বাবেই ৰিয়ানে কেৱল বেটিংহে কৰিছিল৷ কিন্তু আঘাতৰ পৰা সুস্থ হৈ শেহতীয়াকৈ শ্ৰীলংকাৰ বিৰুদ্ধে বলিং কৰিছিল ৰিয়ানে৷
উন্নত প্ৰদৰ্শনো কৰা ৰিয়ানক দলৰ পৰা আঁতৰাবলৈ BCCIৰ উত্তৰ ভাৰতীয় লবীয়ে এইবাৰ কিন্তু আঘাতৰ অজুহাত প্ৰদৰ্শন কৰিলে৷
আমি কিছুদিন পূৰ্বে ৰিয়ানক দলৰ পৰা খেদিবলৈ শক্তিশালী লবীৰ ষড়য়ন্ত্ৰৰ কথা সদৰী কৰিছিলোঁ৷ সেই অনুসৰিয়েই নিৰ্বাচকে এইবাৰ ৰিয়ানক আগতীয়াকৈ চেণ্টাৰ অৱ এক্সেলেন্সলৈ প্ৰেৰণ কৰিলে৷
নিৰ্বাচকৰ ঘোষণা অনুসৰি ৰিয়ান বৰ্তমান আঘাতৰ সমস্যাত জৰ্জৰিত৷ সেয়ে চেণ্টাৰ অৱ এক্সেলেন্সত তেওঁৰ চলিব চিকিৎসা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email