কান্দি কান্দি চকু শুকাই গৈছে৷ কোটৰত সোমাই গৈছে চকু৷ অনিদ্ৰাৰ চিনস্বৰূপে চুমি বৰাৰ মুখত পৰিছে ক’লা দাগ৷
বহুদিন জে’লত শোৱাই নাই চুমি বৰা৷ হংসতুলিত শয়নৰ অভ্যাস থকা চুমিক টান বিছনাত অহা নাই টোপনি৷
পিছে জে’লত সোমালেও কাশ্মীৰি ষ্টলৰ প্ৰতি আকৰ্ষণ কমা নাই চুমিৰ৷ সেয়ে আদালতত হাজিৰ কৰোৱাৰ সময়তো চুমিয়ে লৈছে কাশ্মীৰি ষ্টল৷ পুলিচৰ সৈতে খোজ কঢ়া চুমিৰ মুখতো কিন্তু নাই হাঁহিৰ ৰেশ৷ ষ্টলেৰে মুখখন ঢাকিবলৈ ইচ্ছা কৰিলেও নিৰ্বিকাৰ হৈ পৰিছে চুমি৷
শুকান চুলি, প্ৰসাধনবিহীন মুখেৰে চুমি হৈ পৰিছে ৰুগীয়াৰ দৰে৷ ডিব্ৰুগড় জে’লত বহুদিন কটোৱাৰ পিছত চুমিক এইপৰ্যন্ত নিজৰ জিম্মাত লোৱা নাই CBIয়ে৷ গতিকে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে থাকিবলগীয়া হৈছে চুমি৷
বিশালে উপহাৰ দিয়া হীৰাৰ নেকলেছ, লাখটকীয়া আঙুঠি সকলো খুলি পেলোৱা চুমি বৰ্তমান ইনছ’মেনিয়াত আক্ৰান্ত হৈছে৷ অনিদ্ৰাৰ ৰোগত ভুগিছে চুমিয়ে৷ গতিকে চলি আছে চিকিৎসা৷