অমিত শ্বাহৰ বাৰম্বাৰ অনুৰোধো গ্ৰাহ্য নকৰে আৰ এছ এছে৷ প্ৰধানমন্ত্ৰীৰ আবেদনো নাগপুৰে স্বীকাৰ নকৰে৷ মুঠতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰাক্তন প্ৰচাৰকেই হ’ব লাগিব বিজেপিৰ পৰৱৰ্তী সভাপতি৷ নিৰ্বাচনী প্ৰক্ৰিয়া বিলম্বিত হ’লেও কথা নাই৷ পিছে শিৱৰাজ সিং চৗহান অথবা ৰাজনাথ সিঙক দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে সঘই মানি নলয়৷
মথুৰাত অনুষ্ঠিত বাৰ্ষিক বৈঠকত এই কথাই চূড়ান্ত কৰিলে শীৰ্ষ নেতাগণে৷ সিদ্ধান্ত অনুসৰি সঞ্জয় সিং, বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু দেৱেন্দ্ৰ ফড়নৱিছৰ মাজৰে এজনক সভাপতি হিচাপে মানি ল’বই লাগিব প্ৰধানমন্ত্ৰীয়ে৷ খবৰমৰ্মে বৰ্তমান আকৗ বিশ্ব হিন্দু পৰিষদক প্ৰবীণভাই তোগাড়িয়াৰ হাতত চমজাই দিবলৈ সিদ্ধান্ত লৈছে আৰ এছ এছে৷
বিষয়টো সংক্ৰান্তত তোগাড়িযাৰ সৈতে মোহন ভাগৱতৰ আলোচনা ইতিমধ্যে সমাপ্ত হৈছে৷ গুজৰাটৰ দাংগাৰ সময়ত গ্ৰহণ কৰা ভূমিকাৰ বাবে কট্টৰপন্থী হিন্দু নেতাজনক প্ৰধানমন্ত্ৰীয়ে শত্ৰুজ্ঞান কৰিছিল৷ যাৰ বাবে মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে হিন্দুত্ববাদী সংগঠনত এলাগী হৈ পৰিছিল তোগাড়িয়া৷
নিজে জন্ম দিয়া সংগঠনটোৰ পৰাই ওলাই যাবলৈ বাধ্য হোৱাৰ পিছত তেওঁ আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ গঠন কৰিছিল৷ কিন্তু তেওঁক সাংগঠনিক কামত বাধা দিয়া হ’ল৷ পিছে বৰ্তমান আকৗ তোগাড়িয়াক সংঘ পৰিয়ালৰ মাজলৈ ঘূৰাই আনিবলৈ সিদ্ধান্ত লৈছে মোহন ভাগৱতে৷ একেদৰে বিজেপিৰ সাংগঠনিক গুৰুদায়িত্ব প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে ৰাম মাধৱক৷ অসমতো প্ৰভাৰী হিচাপে গুৰুভাৰ পালন কৰা নেতাজনে বিজেপিৰ উত্থানত মূল ভূমিকা পালন কৰিছিল৷ তাৰ পিছতে দিল্লীলৈ নিয়া হৈছিল ৰাম মাধৱক৷
কিন্তু বিজেপিৰ পৰা আঁতৰাই তেওঁক আকৗ সংঘলৈ প্ৰেৰণ কৰিছিল বৰ্তমানৰ নেতৃত্বই৷ পিছে শেহতীয়াকৈ ৰাম মাধৱৰ নেতৃত্বতে জম্মু-কাশ্মীৰত বিজেপিয়ে সফলতা অৰ্জন কৰিলে৷ চৰকাৰ গঠন কৰিব নোৱাৰিলেও কাশ্মীৰত দলে খোপনি পুতিলে৷ গতিকে তেওঁক সম্ভৱত: আৰ এছ এছে বিজেপিৰ সংগাঠনিক দায়িত্ব প্ৰদান কৰিব৷ আনহাতে বৈঠকখনত সংঘৰ নেতাসকল কেবাটাও সিদ্ধান্তত উপনীত হৈছে৷ বিগত সময়ত সংঘ পৰিয়ালৰ বিবিধ ক্ষেত্ৰৰ অন্তৰ্গত বিশ্ব হিন্দু পৰিষদ, ভাৰতীয় মজদুৰ সংঘ আৰু এবিভিপিৰ কাৰ্যক্ষেত্ৰৰ পৰিসৰৰো প্ৰসাৰৰ থিৰাং কৰা হৈছে৷