ৰাষ্ট্ৰপ্ৰধানৰ কৰমৰ্দনৰ পিছত সংঘাতৰ অৱসান ঘটিছে লাডাখত৷ সচৰাচৰ চেপা উত্তেজনাই অহৰহ উত্তপ্ত কৰি ৰখা বৰফাবৃত প্ৰকৃত নিয়ন্ত্ৰণৰেখা হৈ পৰিছে শান্ত৷ কাজানত নৰেন্দ্ৰ মোদী আৰু জি জিনপিঙৰ সৗহাদ্যপূৰ্ণ আলাপৰ পিছতে পজিশ্যন এৰিছে চীনা সেনাই৷ চুৰ্চুৰিয়াকৈ কেবাদিন পশ্চাদগমন চলি থকাৰ পিছত আজিৰ পৰা আৰম্ভ হৈছে পূৰ্ণ পৰ্যায়ৰ কাৰ্যক্ৰম৷
তদানুসৰি এল এ চিৰ পৰা পিছুৱাই গৈছে চীনা সৈন্য৷ আলোচনাৰ ফলাফল অনুসৰিয়েই ডেমচক আৰু ডেপছাং পৰিত্যাগ কৰিছে শত্ৰুদেশৰ জোৱানে৷ ৰাছিয়াৰ মধ্যস্থতাত বৈৰিতা ক্ৰমে মিত্ৰতালৈ সলনি হোৱাৰ সময়ত চীনে আগতীয়াকৈ প্ৰত্যাহাৰ কৰিছে সীমান্তৰক্ষী৷
পিছে এতিয়াও পূৰ্বৰ স্থানতে অৱস্থান কৰি আছে ভাৰতীয় জোৱানে৷ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ডেমচক আৰু ডেপছাঙৰ পূৰ্ব নিৰ্ধাৰিত স্থানতে ভাৰতৰ সীমান্তৰক্ষীয়ে বন্দুক টোঁৱাই আছে৷ ২০২০ চনৰ গালৱান সংকটৰ পিছত মোতায়েন কৰা স্থানতে অৱস্থান লৈ আছে সশস্ত্ৰ ভাৰতীয় জোৱানে৷
অৱশ্যে ক্ৰমান্বয়ে দিল্লীয়েও আৰম্ভ কৰিছে সেনা অপসাৰণ৷ পূৰ্বে সামৰিক বাহিনীৰ মাজত স্বাক্ষৰিত সন্ধি অনুসৰি ডেপছাং আৰু ডেমচকত দুয়ো দেশৰ জোৱানে একেলগে পহৰা দিব৷ গতিকে ছাউনীৰ সমীপলৈ উভতি যাব দুয়োদেশৰ সেনা৷