কংগ্ৰেছ মানেই বিশ্বাসঘাতক,
বেইমানিৰ সমাৰ্থক হৈছে কংগ্ৰেছ৷
এয়াই সত্য
২০১৪ চনত কংগ্ৰেছে উত্তৰ প্ৰদেশৰ মুঠ ৮০ লোকসভা সমষ্টিৰ সৰ্বত্ৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল৷ কিন্তু জিকিছিল মাত্ৰ দুঠাইত৷ কংগ্ৰেছৰ প্ৰাৰ্থীৰ বাবেই আন সকলো সমষ্টিতে বিজেপি জিকিছিল৷ হাৰিছিল সমাজবাদী পাৰ্টী-বহুজন সমাজ পাৰ্টী আৰু ৰাষ্ট্ৰীয় লোকদলৰ মিত্ৰজোঁট৷
তাৰ পিছত আহিছোঁ পশ্চিমবংগৰ কথালৈ৷ মমতা বেনাৰ্জীয়ে বংগত মিত্ৰদলীয় ৰাজনীতি ঠিকেই কৰি আছিল৷ কিন্তু ৰাহুল গান্ধী আৰু অধীৰ ৰঞ্জন চৌধুৰীয়ে একত্ৰিত হৈ বেনাৰ্জীক প্ৰতাৰণ কৰিলে৷ ফলত বংগত বিজেপিয়ে খোপনি পুতিবলৈ সুযোগ পালে৷
ত্ৰিপুৰাতো মাণিক সৰকাৰে চলাই আছিল বাওঁপন্থী চৰকাৰ৷ কিন্তু এটাও সমষ্টিত নিজিকে বুলি জানিও ত্ৰিপুৰাৰ সকলো সমষ্টিতে কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে৷ পৰিণতিত বাওঁদল হাৰিল, বিজেপি জিকিল৷
কৰ্ণাটকত JDSৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱেগৌড়াক এটা লোকসভা সমষ্টি এৰ দিছিল কংগ্ৰেছে৷ তাতে আকৌ এজন প্ৰাক্তন সাংসদকো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কংগ্ৰেছে টিকট দিলে৷ ফলতযি হ’বলগীয়া আছিল সেয়াই হ’ল৷
মুঠতে কংগ্ৰেছ মানেই হৈছে বেইমানি৷ সেইটো দলে মিত্ৰজোঁটক বিহালীত গড্ডাৰি কৰাতো কোনো আচৰিত কথা নহয়৷