উভালি পেলালে গছ

বৰ্ধিত শক্তিৰে ওড়িষাত খুন্দা মাৰিলে ডানাই৷ মহেন্দ্ৰগিৰি পাহাৰত থেকা খাই পাৰাদ্বীপ আৰু সাগৰ দ্বীপত এছাৰ খাই পৰিছে ধুমুহাজাক৷ কালি সন্ধ্যা প্ৰথমটো খুন্দাৰ পিছত নিশাৰ পৰা আৰম্ভ হ’ল ডানাৰ প্ৰকৃত সংহাৰ৷
বতৰ বিজ্ঞানীয়ে দিয়া আগলি বতৰা অনুসৰি সাগৰীয় বা-মাৰলিজাকে নিশা আৰম্ভ কৰিলে প্ৰলয়৷ পিছে আৰম্ভণিতে ডানাই যি সংহাৰী ৰূপ ধাৰণ কৰিছে সেয়াই হৈ পৰিছে বিপজ্জনক৷ সম্প্ৰতি অৱলম্বন কৰা সাৱধানতাও যে সম্পূৰ্ণ ফলপ্ৰসূ নহ’ব সেয়াই ধুমুহাজাকৰ আগমনৰ শক্তিতে পৰিস্ফূট হৈ পৰিছে৷
বিশেষজ্ঞই প্ৰতিঘণ্টাত ১২০ কিলোমিটাৰ বেগেৰে ডানাই ওড়িষাৰ তিনি স্থানত খুন্দা মাৰিব বুলি অনুমান কৰিছিল৷ কিন্তু ততোধিক গতিতহে বা-মাৰলিজাকৰ ৰাজ্যখনত প্ৰৱেশ ঘটিছে৷ শেহতীয়া অনুমান অনুসৰি ওড়িষাৰ ভিতৰকনিকা ৰাষ্ট্ৰীয় উদ্যান আৰু ধমৰা, কেন্দ্ৰপাৰাৰ মাজত খুন্দা মাৰিছে ডানাই৷
প্ৰায় ২৭০ বৰ্গ কিলোমিটাৰ ব্যাসাৰ্ধৰ এই অঞ্চল নিমিষতে ধুমুহাজাকে বধ্যভূমি কৰি তুলিছে বুলি প্ৰশাসনে আশংকা কৰিছে৷ যদি শক্তি হ্ৰাস নহয় তেন্তে ওড়িষাৰ অৰ্ধেকসংখ্যক জনতাক ডানাই প্ৰভাৱিত কৰিব৷ অৰ্থাৎ ৰাজ্যখনৰ কুৰি জিলাত পৰিব ধুমুহাৰ প্ৰভাৱ৷
গতিকে ১ নিযুত লোকক ততালিকে সাহায্য শিবিৰলৈ চৰকাৰে স্থানান্তৰ কৰিছে৷ অৱশ্যে পশ্চিমবংগ পোৱালৈ ডানাৰ শক্তি কিছু কমিছে বুলি বিজ্ঞানীয়ে প্ৰকাশ কৰিছে৷ ভয়াৱহতা অনুধাৱন কৰি বৰ্তমান চৰকাৰে ২০৩ খন অতিৰিক্ত ৰে’লৰো ওড়িষা প্ৰৱেশ বন্ধ কৰিছে৷ একেদৰে কলকাতা বিমানবন্দৰো অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি ৰাখিছে চৰকাৰে৷ কিন্তু ডানাৰ গতিয়ে স্থল যাতায়াতকো প্ৰভাৱিত কৰিব বুলি আশংকা কৰা হৈছে৷ গতিকে সষ্টম হৈ পৰিছে চৰকাৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email