মন কৰিবচোন
গৌৰৱে অকলেইহে কথা কৈ আছে, সংগীবৃন্দ কিন্তু বিহালীৰ প্ৰাৰ্থিত্বৰ প্ৰসংগত হৈ আছে নিশ্চুপ৷ সততে গৌৰৱৰ সুৰতে সুৰ মিলোৱা কংগ্ৰছীসকলো মনে মনে আছে৷ মীৰা বৰঠাকুৰ অথবা আন জ্যেষ্ট নেতাসকলেও এষাৰো কথা কোৱা নাই৷
ৰকিবুল, প্ৰদ্যুৎ অথবা দেৱব্ৰতে সমৰ্থন দিলেও হৈ আছে নীৰৱ৷
কিন্তু কিয় এনে হৈছে? গৌৰৱ গগৈয়ে বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে নেকি?
উপায় নাপাই মিত্ৰজোঁটত থাকিলেও এজন বিশেষ নেতাক ভুলতো বিশ্বাস নকৰে গৌৰৱে৷ তেওঁ বিহালীত আগবঢ়াই দিয়া প্ৰাৰ্থীজনক বিজেপিৰ ফান্দ বুলি গৌৰৱে সতীৰ্থৰ ওচৰত অভিহিত কৰিছে৷
গৌৰৱৰ মতে বিৰোধীয়ে আগবঢ়াই দিয়া প্ৰাৰ্থীজন হাৰিব বুলি তেওঁলোকেও জানে৷ কিন্তু হৰাৰ পিছত বিশেষ নেতাজনে প্ৰদেশ কংগ্ৰেছৰ এটা লবীৰ ওচৰত ছাৰেণ্ডাৰ কৰিব৷ তাৰ পিছত অহাবাৰৰ বিধানসভা নিৰ্বাচনত কেইটামান সমষ্টিৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপৰ দায়িত্ব এৰি দিব সেই লবীটোক৷
প্ৰদেশ কংগ্ৰেছৰ সেই লবীটোৱে তেওঁৰ পছন্দক প্ৰত্যাখ্যান কৰি প্ৰাৰ্থী বাছনি কৰিব৷ সেয়ে ডেৰ বছৰীয়া বিধায়কৰ নিৰ্বাচনকে অস্তিত্ব ৰক্ষাৰ যুঁজ হিচাপে ধৰি লৈছে গৌৰৱে৷