তৰুণ গগৈয়ে ঘোষণা কৰিছিল- মই ৰেজিগনেশ্যন দিম৷ কথা অনুসৰিয়েই ২০১৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিছত তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল৷ পিছে ৰাজ্যপালৰ সলনি তেওঁ পদত্যাগ পত্ৰ দিছিলগৈ ছোনিয়া গান্ধীক৷ তাৰ পিছতে গান্ধীয়ে পদত্যাগ পত্ৰ স্বাভাৱিকতে খাৰিজ কৰিছিল৷
এইবাৰ একেখনেই নাটক কৰিছে ভূপেন বৰাই৷ তেওঁ অসম সন্মিলিত মৰ্চাৰ সভাপতি হিচাপে পদত্যাগ পত্ৰ দিছে মল্লিকাৰ্জুন খৰ্গে আৰু জিতেন্দ্ৰ সিঙক৷ অৰ্থাৎ সভাপতি হৈ থাকিবলৈয়ো মন আছে যদিও নোৱাৰাত পৰি তেওঁ ইস্তফা দিছে৷
আনহাতে বেলেগ কথাত মিল নাথাকিলেও APCCৰ সভাপতিৰ সৈতে যুঁজি লোৱাত পিতৃৰ ধাৰা অব্যাহত ৰাখিছে গৌৰৱে৷
মুখ্যমন্ত্ৰী হিচাপে যেতিয়া তৰুণ গগৈ অধিষ্ঠিত হৈছিল তেতিয়া তেৱেই আছিল APCCৰ সভাপতি৷ পিছে পৰৱৰ্তী সময়ত সভাপতি হোৱা ভুবনেশ্বৰ কলিতাৰ সৈতে গগৈৰ হৈছিল প্ৰবল সংঘাত৷ দিল্লীৰ পছন্দ হোৱাৰ পিছতো ভুবনেশ্বৰ কলিতাক তৰুণ গগৈয়ে সহ্যই নকৰিছিল৷
শেষত ভুবনেশ্বৰ কলিতাক মন্ত্ৰীসভাৰ পৰাই গগৈয়ে অপসাৰণ কৰিছিল৷ পিতৃৰ সেই ধাৰা সাংসদ হৈ থাকোতেই গৌৰৱে আৰম্ভ কৰিলে৷
শক্তি প্ৰদৰ্শনৰ যুঁজত তেওঁ প্ৰথমেই বধ কৰিলে ভূপেন বৰাক৷ দলৰ সভাপতিক হৰুৱাই গৌৰৱে প্ৰমাণ কৰিলে নিজৰ শক্তি৷
অৰ্থাৎ আকৌ প্ৰমাণিত হ’ল- প্ৰদেশ কংগ্ৰেছত আছে ক্ষমতাৰ দুটা কেন্দ্ৰ৷ সভাপতিৰ কথামতেই কংগ্ৰেছ নচলে৷