আয়োজকে লাখ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি খবৰ দিছে৷ কিন্তু সকলো তথ্য মিছা৷ লাখ লাখ টকাৰ চিকেন পকোৰাহে গ্ৰন্থমেলাত বিক্ৰী হৈছে৷ আচলতে অসমৰ এটা প্ৰান্তত চলি থকা গ্ৰন্থমেলাত বিক্ৰী হৈছে মাত্ৰ ৩০০ খন কিতাপ৷ ফলত ষ্টল ভাৰা কৰা ব্যৱসায়ীৰ দোকানত লালবাতি জ্বলিছে৷ পিছে সেইখন গ্ৰন্থমেলাতে বিক্ৰী হৈছে ৬ লাখ টকাৰ ফাষ্টফুড৷
আমি সেই ঠাইখনৰ নাম বিশেষ কাৰণত উল্লেখ নকৰোঁ৷ পিছে গ্ৰন্থমেলাৰ আয়োজকেই দিছে গুৰুত্বপূৰ্ণ খবৰটো৷
কমিটীৰ বৰমূৰীয়াই গোপনীয়তাৰ চৰ্তত প্ৰকাশ কৰা অনুসৰি গ্ৰন্থমেলাখনত এখন ষ্টলৰ বিনিময়ত গড়ে ৮ হাজাৰ টকাকৈ ভাৰা লোৱা হৈছিল৷ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছিল ৰাজ্যৰ লগতে বাহিৰৰ প্ৰকাশকে৷
পিছে কেবাদিনীয়া গ্ৰন্থমেলাত বিক্ৰী হ’ল মাত্ৰ ৩০০ পৰা ৪০০ খন কিতাপ৷ পিছে গ্ৰন্থ বিক্ৰেতা উপকৃত নহ’লেও লাভ অৰ্জন কৰিলে ফাষ্টফুডৰ বেপাৰীয়ে৷
বিষয়ববীয়াই প্ৰকাশ কৰা খবৰ অনুযায়ী গ্ৰন্থমেলাত ২০ খন খাদ্যসামগ্ৰীৰ বিপণী বহিছিল৷ তেওঁলোকে সমৱেত ৰাইঝক বিক্ৰী কৰিলে প্ৰায় ৬ লক্ষাধিক টকাৰ খাদ্য৷
এদিনতে তেওঁলোকে প্ৰায় ১ লাখ টকাৰ চিকেন পকোৰাৰ ব্যৱসায় কৰিলে৷ চিকেন কাটলেট অথবা ড্ৰাইফায়ো গ্ৰন্থমেলাত বিক্ৰী হ’ল৷
কিতাপ উৎসৱত পিছে লাভৱান নহ’ল প্ৰকাশক৷ লাভ হ’ল ফাষ্টফুডৰ ব্যৱসায়ীৰ৷