শতকে সৌভাগ্য কঢ়িয়াই ঠিকেই আনিলে৷ টেষ্ট কেৰিয়াৰত প্ৰথম শতৰানৰ পিছতে পুত্ৰৰ পিতৃ হ’ল ছৰফৰাজ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত শূন্যতে আউট হ’লেও দ্বিতীয় ইনিংছত বেট ঠিকেই ঘূৰালে ছৰফৰাজে৷ তেওঁ স্ক’ৰ কৰিলে ১৫০ ৰান৷
শতৰানৰ তিনিদিনৰ পিছতে ছৰফৰাজে অৰ্জন কৰিলে পিতৃত্ব৷ ১৫০ ৰানেৰে নিজৰ বায়’ডাটা অলংকৃত কৰাৰ পিছতে ছৰফৰাজে ঘোষণা কৰিলে- ইটছ এ বেবী বয়
পিতৃত্বৰ গৌৰৱেৰে গৰ্বিত হোৱা ছৰফৰাজে কিন্তু বিশেষ সমীকৰণৰ বাবেহে প্ৰথম টেষ্টৰ প্লেয়িং ইলেভেনত স্থান লাভ কৰিছিল৷ তেতিয়া আঘাতৰ বাবে ৰিজাৰ্ভ বেঞ্চত আছিল শুভমন গিল৷ পিছে বৰ্তমান গিল সুস্থ হৈ উঠিছে৷ তদুপৰি দললৈ আকৌ মাতি নিয়া হৈছে ৱাশ্বিংটন সুন্দৰক৷
আনহাতে মুম্বাইতে আছে যদিও বৰ্তমানলৈ শিবিৰত যোগ দিয়া নাই ছৰফৰাজে৷ সদ্যোজাতৰ সৈতেই ব্যস্ত হৈ আছে ছৰফৰাজ৷
গতিকে তেওঁ দ্বিতীয় টেষ্টত স্থানক লৈ নিশ্চিতি দিব পৰা নাই টীম মেনেজেমেণ্টে৷ যদি শুভমন গিলে খেলে তেন্তে পুনে টেষ্টত স্থান লাভ সম্ভৱ নহ’বও পাৰে ছৰফৰাজৰ৷